Photo Source: Internet
Photo Source: Internet

গুৱাহাটীঃ ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে সুদীৰ্ঘ বছৰ ধৰি সংগ্ৰাম চলাই অহা বীৰুৱালা ৰাভা আমন্ত্ৰিত হৈছে ৰাষ্ট্ৰসংঘলৈ। অহা ২৮ ছেপ্তম্বৰত ৰাষ্ট্ৰসংঘৰ জেনেভাস্থিত কাৰ্যালয়ত অনুষ্ঠিত হ'বলগীয়া এখন বিশেষ কৰ্মশালালৈ আমন্ত্ৰণ জনোৱা হৈছে বীৰুৱালাক।

'হিউমেন ৰাইটছ ডিফেণ্ডৰ' শীৰ্ষক এই বিশেষ কৰ্মশালাত ডাইনী প্ৰথা আৰু কুসংস্কাৰৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰিব সাহসী মহিলাগৰাকীয়ে।

উল্লেখ্য যে দুটা দশক ধৰি ডাইনী হত্যাৰ দৰে অন্ধবিশ্বাসৰ বিৰুদ্ধে জনসাধাৰণৰ মাজত সচেতনতা আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে বীৰুৱালাই। 

ৰাষ্ট্ৰসংঘলৈ আমন্ত্ৰিত হোৱাৰ খবৰ বিয়পি পৰাৰ পিছতে ৰাজ্যখনৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰিছে বীৰুৱালা ৰাভাক। ইয়াৰ জৰিয়তে বীৰুৱালাই অসমৰ পৰা এনে অন্ধবিশ্বাসক সমুলঞ্চে নাশ কৰিবলৈ সমৰ্থ হ'ব বুলিও আশা প্ৰকাশ কৰিছে ৰাজ্যখনৰ সচেতন মহলে।