কোকৰাঝাৰঃ বালাজান তিনালী অাঞ্চলিক বিষুৱা উৎসৱ পালন সমিতিৰ উদ্যোগত কাইলৈ অৰ্থাৎ ২২ এপ্ৰিলত বালাগাঁৱত অনুষ্ঠিত হ'ব কোচ ৰাজবংশীৰ জাতীয় উৎসৱ বিষুৱা। বিষুৱা উৎসৱ পালন উপলক্ষে ইতিমধ্যে বালাগাঁৱৰ লক্ষ্মী মন্দিৰ প্ৰাংগণৰ খেলপথাৰত প্ৰতিকূল বতৰকো নেওচি  প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে অায়োজক সমিতিয়ে।

অায়োজক সমিতিৰ সভাপতি নৰসিংহ ৰায় অাৰু সম্পাদক গৌতম ৰায়ে সদৰী কৰা মতে কাইলৈ পুৱা ৮:৩০ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব। পতাকা উত্তোলনৰ পিছতে পুৱা  ৯:০০ বজাত খেল-ধেমালি প্ৰতিযোগিতা মুকলি কৰিব বালাজান স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক নীলু ব্ৰহ্মই। ১ বজাত অনুষ্ঠিত হ'বলগীয়া বিষুৱা কুমাৰী প্ৰতিযোগিতা মুকলি কৰিব সদৌ কোচ ৰাজবংশী কোকৰাঝাৰ জিলা মহিলা সমিতিৰ সম্পাদিকা ৰূপেশ্বৰী ৰায়ে। 

তিনি বজাত অনুষ্ঠিত হ'বলগীয়া বিষুৱা ৰাণী প্ৰতিযোগিতা মুকলি কৰিব জিলা শিক্ষা অাৰু সমাজ সেৱক সম্পাদিকা সূকৃতি সিংহ ৰায়ে। ইয়াৰোপৰি বিয়লি ৫:০০বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া জনগোষ্ঠীয় কৃষ্টি সমাৰোহ মুকলি কৰিব বিটিএডি নাথ যোগী সন্মিলনীৰ সম্পাদক ধনঞ্জয় নাথ অাৰু সন্ধিয়াৰ সাংস্কৃতিক মঞ্চ মুকলি কৰিব কোকৰাঝাৰ জিলা অাৰক্ষী অধীক্ষক ৰাজেন সিঙে।

বিষুৱাৰ সতে সংগতি ৰাখি বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, অাক্ৰাছুৰ সভাপতি হিতেশ্বৰ বৰ্মন, অসম লোকসেৱা অায়োগৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° অনুপম ৰায়, দৰং ৰজাৰ জীয়ৰী হেমপ্ৰভা দেৱীক বিশেষ সম্বৰ্ধনা দিবলৈও উদ্যোগ গ্ৰহণ কৰিছে অায়োজক সমিতিয়ে।

অানহাতে সাংস্কৃতিক সন্ধিয়াৰ মুখ্য অাকৰ্ষণ অমৰজিৎ সিংহ, ভূপালী তালুকদাৰ অাৰু পল্লৱী ৰায়ৰ গানৰ শৰাই, জনপ্ৰিয় কৌতুক অভিনেতা বিপুল ৰাভা অাৰু তেওঁৰ সংগীবৃন্দৰ দ্বাৰা কৌতুক পৰিৱেশনৰ লগতে অান বহুতো কাৰ্যসূচী থাকিব বুলি সদৰী কৰিছে অায়োজক সমিতিয়ে।