newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে এদিনীয়া ভ্ৰমণ সূচীৰে বিহাৰত উপস্থিত হয় বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ। অমিত শ্বাহ ভ্ৰমণৰ সময়ত এনডিএৰ অংশীদাৰ জেডিইউৰ নেতা তথা বিহাৰৰ জেডিইউ-বিজেপি মিত্ৰজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক সাক্ষাৎ কৰে। শ্বাহে নাতিশ কুমাৰক সাক্ষাৎ কৰাৰ সময়ত বিহাৰ বিজেপিৰ সভাপতি নিত্যানন্দ ৰায় আৰু সুশীল মোডী উপস্থিত থাকে৷

সাক্ষাৎৰ পিছতে নীতিশ কুমাৰে হাঁহি-স্ফুৰ্তিৰে বাহিৰলৈ ওলাই আহে৷ ইয়াৰ দ্বাৰা প্ৰমাণ হয় যে লোকসভা নিৰ্বাচনত দুয়োটা দলৰ মিত্ৰজোঁট অব্যাহত থাকিব বুলি জানিব পৰা যায়৷ কিন্তু সংবাদ মাধ্যমক সন্মুখত নীতিশ আৰু শ্বাহে একো কথা প্ৰকাশ কৰা নাই৷

ইয়াৰ লগে লগে পাটনাৰ বাপু সভাঘৰত অনুষ্ঠিত হোৱা দলীয় সভাত অমিত শ্বাহে উপস্থিত থাকি জেডিইউৰ সৈতে সম্পৰ্ক সন্দৰ্ভত স্থিতি স্পষ্ট কৰে৷ শ্বাহে কয় যে নীতিশ কুমাৰে আমাৰ পৰা আঁতৰি আছিল৷ তেওঁ দুৰ্নীতিৰ সৈতে সম্পৰ্ক ছেদ এৰি আহিছে৷ এতিয়া বিহাৰত একো নহয়৷ বিহাৰত ৪০ৰ ভিতৰত ৪০ খনেই আসন লাভ কৰিম৷’’ অমিত শ্বাহে আৰু কয় যে আমি বন্ধুক সন্মান কৰিব জানো৷

ইয়াৰে লগে লগে অসম কন্যা বিশিষ্ট কণ্ঠ শিল্পী কল্পনা পাটোৱাৰীয়ে এই সভাতে বিজেপিত যোদ দিয়ে৷ অমিত শ্বাহৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগ দি লোক সংস্কৃতিৰ হৈ কাম কৰাৰ কথা ঘোষণা কৰি বিজেপিত যোগ দিছে যদিও নিৰ্বাচন নেখেলাৰ কথা উল্লেখ কৰে কল্পনাই৷