ৰঙিয়াঃ বুধবাৰে কংগ্ৰেছে বিমুদ্ৰাকৰণৰ বিৰুদ্ধে সমগ্ৰ দেশত কলা দিৱস পালন কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কংগ্ৰেছে পালন কৰাৰ এদিন পিছতে শাসকীয় বিজেপি দলে বৃহস্পতিবাৰে পালন কৰে কলা ধন বিৰোধি দিৱস৷ দেশৰ বিভিন্ন প্ৰান্তত কলা ধন বিৰোধী দিৱস পালন কৰা হয়৷ অসমতো কলা ধন বিৰোধী দিৱস পালন কৰে বিজেপিৰ নেতা-কৰ্মী, সমৰ্থকে৷

ৰঙিয়াতো বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিয়ে ক'লা ধন বিৰোধী দিৱস পালন কৰে। ৰঙিয়াত তিনিদিনীয়াকৈ পালন কৰে কলা ধন বিৰোধী দিৱস৷ বৃহস্পতিবাৰে অন্তিম কাৰ্যসূচী ৰূপে ৰঙিয়া শ্বহীদ কৃষক ভৱনত এখন সভা অনুষ্ঠিত কৰে দলটোৱে। বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতি ৰমেশ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত দলটোৰ কেইবাগৰাকী বিষয়-ববীয়া উপস্থিত থকে।

সভাত ৰঙিয়া এ'পল মিলৰ অধ্যক্ষ নৰেন্দ্ৰ  ৰঙিয়াৰ জ্যেষ্ঠ নাগৰিক বিচিত্ৰ কলিতা, কামৰূপ জিলা আৰ এছ এছৰ নেতা, নিতীশ শৰ্মাৰ লগতে বিজেপি নেতা গোপাল কাকতী উপস্থিত থাকি ভাষণ আগবঢ়ায়। এ'পল মিলৰ অধ্যক্ষ নৰেন্দ্ৰ শৰ্মাই ক'লাধন ৰোধ কৰাৰ ব্যৱস্থাটো নৰেন্দ্ৰ মোডী চৰকাৰৰ অতি ভাল পদক্ষেপ বুলি কয়। আনহাতে বিমুদ্ৰাকৰণ ব্যৱস্থাটোৰ বাবে দেশৰ আৰ্থিক দিশটো অধিক শক্তিশালী হোৱা বুলি শৰ্মাই উল্লেখ কৰে।

আনহাতে বিজেপিৰ উত্তৰ কামৰূপ জিলা সমিতিৰ সভাপতিগৰাকীয়ে ক'লাধন বিৰোধী দিৱসৰ তিনিদিনীয়া কাৰ্যসূচীৰ লগত সংগতি ৰাখি যোৱা ৬ নৱেম্বৰত দলৰ বুধ সমিতিসমূহৰ সৈতে আলোচনা, সাত নৱেম্বৰত দলৰ যুৱনেতা কৰ্মীৰ লগত আলোচনা লগতে শোঁভাযাত্ৰা উলিওৱা হয়।