আগৰতলাঃ নিৰ্বাচনী গৰম বতাহ বলিছে ত্ৰিপুৰাত৷ শাসকীয় চিপিআই(এম), বিৰোধী কংগ্ৰেছ, বিজেপি সকলোৱে এতিয়া ভোটাৰৰ মাজত৷ নিৰ্বাচন অহাৰ লগে লগে ৰাজনৈতিক দল বোৰৰ নেতা সমূহ সোমাই পৰে ৰাইজৰ মাজত৷ তেনেদৰে ত্ৰিপুৰাতো এতিয়া ৰাজনৈতিক দল সমূহৰ নেতাসকল সোমাই পৰিছে গাঁৱে-ভূঞে৷

প্ৰতিদিনে সভা অনুষ্ঠিত কৰি চলাই গৈছে ব্যাপক প্ৰচাৰ৷ কেন্দ্ৰৰ শাসনৰ গাদীত বহি থকা বিজেপি দলে ব্যাপক তৎপৰ হৈ পৰিছে ত্ৰিপুৰা দখল কৰিবলৈ৷ বিশেষকৈ যুৱ ভোটাৰক আকৰ্ষিত কৰিবলৈ বিজেপিয়ে বিভিন্ন পন্থা অৱলম্বন কৰিছে৷ চিপিআই(এম)ৰ দুৰ্গ ভেদ কৰিবলৈ যুঁজত ভাৰতীয় জনতা পাৰ্টি থিয় দিছে শক্তিশালী ৰূপত৷

বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী বিধায়কক লৈ আগবাঢ়ি বিজেপিয়ে৷ ৰাজ্যখনৰ ৬০ জনীয়া বিধানসভাৰ নিৰ্বাচনৰ প্ৰথম খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে৷ শনিবাৰে বিজেপিয়ে ৫১ খন আসনৰ বাবে যুঁজ দিব লগীয়া নাম সমূহ ঘোষণা কৰে বিজেপিৰ বৰ্ষীয়ান নেতা জেপি নাড্ডাই৷

ইতিমধ্যে ঘোষণা কৰা ৪৪ খন আসনৰ প্ৰাৰ্থীৰ তালিকাখন প্ৰাক্তন কংগ্ৰেছীৰে ভৰি পৰা দেখা যায়৷ সাতখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা হোৱা নাই যদিও বিজেপিৰ শিবিৰত এই লৈ শনিবাৰলৈকে গুণাগথা চলি আছে৷ সিদ্ধান্তত উপনীত হ’ব পৰা নাই শীৰ্ষস্থানীয় নেতৃবৰ্গ৷ 

ইফালে বিজেপিৰ প্ৰথম তালিকাত ভালেকেইজন প্ৰাক্তন কংগ্ৰেছীৰ নাম প্ৰকাশ পাইছে৷ এই নেতাকেইজন প্ৰথমে তৃণমুল কংগ্ৰেছৰ পৰা আৰম্ভ কৰি ২০১৭ বৰ্ষত বিজেপিত যোগদান কৰিছিল৷ এইসকল বিধায়কক লৈয়েই বিজেপিয়ে নিৰ্বাচনী যুঁজৰ ৰণডংকা বজাইছে৷ 

বিজেপিয়ে সাতখন আসনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ ক্ষেত্ৰত একমতত উপনীত হ’ব পৰা নাই শীৰ্ষস্থানীয় নেতাসকল৷ শনিবাৰে বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ নেতৃত্বত হোৱা বৈঠকখনত নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী ৰাজনাথ সিং, বিত্তমন্ত্ৰী অৰুণ জেটলীকে ধৰি দলৰ কেন্দ্ৰীয় সমিতিৰ গুৰুত্বপূৰ্ণ সদস্যসকল উপস্থিত থাকে৷ 

প্ৰণিধানযোগ্য যে কংগ্ৰেছৰ পৰা পূৰ্বৰ নিৰ্বাচনত আগৰতলা সমষ্টিৰ পৰা জয়লাভ কৰা সুদীপ ৰয় বৰ্মনে ২০১৭ চনত বিজেপিত যোগদান কৰে৷ ইয়াৰ লগতে আশীষ কুমাৰ চাহা (টাউন বৰডাউলি সমষ্টিৰ বিধায়ক), দিবা চন্দ্ৰ হ্ৰংখাৱাল (কৰমচাৰা), বিশ্ব বন্ধু সেন (ধৰমনগৰ), প্ৰাণজিত সিং ৰয় (ৰাধাকিশোৰপুৰ) আৰু দীলিপ চৰকাৰ (বাধাৰঘাট) এই কেইজন প্ৰাক্তন কংগ্ৰেছী বিধায়কে একে সময়তে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছিল৷ 

এসময়ত কংগ্ৰেছৰ ভেঁটিস্বৰুপ এই একেকেইটা সমষ্টিতে কংগ্ৰেছ এৰি বিজেপিৰ হৈ টিকট লাভ কৰিছে আটাইকেইজনে৷ পুদম ফুল প্ৰিয় হৈ পৰা আন দুজন বিজেপিৰ টিকটধাৰী হৈছে প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুবাল ভৌমিক (সোণামুৰাৰ বিধায়ক) আৰু মনোজ দেব (কমলপুৰৰ বিধায়ক)৷