কোকৰাঝাৰঃ দেশৰ সকলো লোকৰে চকু এতিয়া প্ৰধানমন্ত্ৰী মোডীৰ গৃহ ৰাজ্য গুজৰাটৰ দিশে৷ কিয়নো গুজৰাটত অনুষ্ঠিত হ’ব ঐতিহাসিক বিধান সভা নিৰ্বাচন৷ যি নিৰ্বাচন বিজেপি দলৰ বাবে অশেষ গুৰুত্বপূৰ্ণ৷ কিন্তু গুজৰাটৰ পৰিবৰ্তে বিজেপিৰ কেন্দ্ৰীয় নেতা কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ বিটিএডিৰ সদৰ কোকৰাঝাৰত উপস্থিত হৈ উদাত্ত ভাষণেৰে নেতা-কৰ্মীক দল শক্তিশালি কৰিবলৈ আহ্বান জনাই একপ্ৰকাৰ ইংগিত দিলে আগন্তুক সময়ত বিটিএডিৰ নিৰ্বাচনত নামিব বিজেপিয়ে৷

মাথো কিছুদিন পুৰ্বে ওদালগুৰিত বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে এখন বিশাল সভা অনুষ্ঠিত কৰি বিটিচি দখল কৰাৰ হুংকাৰ দিছিল৷ বৃহস্পতিবাৰে বিপিএফৰ দু্ৰ্গ কঁপাই বিটিএডিত বিজেপি দলৰ সাংগঠনিক স্থিতি মজবুত কৰাৰ লগতে দলীয় নেতা-কৰ্মী সকলৰ মনোবল বৃদ্ধি তথা ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুত কৰাৰ উদ্দেশ্যৰে কোকৰাঝাৰত বিজেপিৰ বিশেষ সাংগঠনিক সভা অনুষ্ঠিত হয়৷

কোকৰাঝাৰ চহৰৰ নিকটৰ চান্দামাৰীস্থিত বডোফা সাংস্কৃতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত বিজেপিৰ বিশেষ সাংগঠনিক সভাত কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে৷ সাংবাদিকৰ আগত কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে বিজেপি দলৰ সাংগঠনিক স্থিতি মজবুত কৰা আৰু দলৰ নেতা-কৰ্মী সকলে যাতে অধিক উৎসাহিত হৈ কাম কৰে তাৰ বাবে সাংগঠনিক সভাখন অনুষ্ঠিত কৰা হৈছে বুলি কয়৷

যোৱা লোকসভা নিৰ্বাচন সমূহত বিজেপি দলে পৰাজয়বৰণ কৰা সমষ্টিসমূহত বিজেপি দলে এইবেলি অধিক গুৰুত্ব দিছে আৰু সমষ্টিসমূহত দলৰ ভেটি কেনেকৈ মজবুত কৰা যায় তাৰ উদ্দেশ্যৰে ৰাজ্যৰ কেইবাখন জিলাত সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছে৷ সেইঅনুসৰি শিলচৰ, বৰপেটা, ডিফু, কলিয়াবৰ আৰু বহস্পতিবাৰে কোকৰাঝাৰত দলৰ সাংগঠনিক সভা অনুষ্ঠিত কৰা হৈছে বুলি সদৰী কৰে কেন্দ্ৰীয় আইন মন্ত্ৰী গৰাকীয়ে৷

অৱশ্যে আগন্তুক ২০১৯ চনত হবলগীয়া লোকসভা নিৰ্বাচনত বিজেপি দলে কেনেদৰে ৰণকৌশল প্ৰস্তুত কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ কোনো উত্তৰ নিদি বিষয়টোৰ পৰা ফালৰি কাটে কেন্দ্ৰীয় আইন মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে৷

ইপিনে সাংগঠনিক সভাত ৰাজ্যিক বিজেপিৰ সাধাৰন সম্পাদক দিলীপ শইকীয়াই অংশগ্ৰহণ কৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টা বিধানসভা সমষ্টিত বিজেপি দলৰ তৃনমূল পৰ্যায়ৰ নেতা-কৰ্মী সদস্যই যাতে অনাগত দিনত দুগুন উৎসাহৰে কাম কৰি অহা ২০১৯ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনত বিৰোধীক ধৰাশায়ী কৰিব পাৰে সেই উদ্দেশ্যৰেই কোকৰাঝাৰত বিজেপি দলৰ বিশেষ সাংগঠনিক সভাখন অনুষ্ঠিত হোৱা বুলি সদৰী কৰে৷

সাংগঠনিক সভাত অসম ৰাজ্যিক বিজেপিৰ সাংগঠনিক সম্পাদক ফনিন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সম্পাদক শিৱনাথ ব্ৰহ্মকে ধৰি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ১০টাকৈ বিধানসভা সমষ্টিৰ তৃনমূল পৰ্যায়ৰ দলীয় নেতা-কৰ্মীকে ধৰি সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে৷