কোকৰাঝাৰঃ ৰাজ্য খনত যাতে এক অবাঞ্চিত উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি হয় তাৰ বাবে বিজেপি নেতাই খোদ ভাঙিছিল তেওলোকৰ আদৰ্শ পুৰুষৰ মূৰ্তি। পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে ৰাজ্যখনত হিন্দু-মুছলমানৰ মাজত এক উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব এগৰাকী বিজেপি নেতাই৷ সেই কথাকেই প্ৰমাণ কৰে এগৰাকী বিজেপি নেতা জনসংঘৰ প্ৰতিষ্ঠাপকৰ মূৰ্তি ভঙাৰ অভিযোগত আটক হোৱাৰ ঘটনাই৷ 

নিজ দলৰ আদৰ্শ পুৰুষৰ মূৰ্তি ভাঙি বিটিএডিত আৰু ৰাজ্য খনত উত্তজনাময় পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছিল কোকৰাঝাৰৰ বিজেপিৰ এগাৰকী নেতাই৷ সৰিয়হৰ ডুলিতেই ভূত। এই আপ্তবাক্যশাৰীকে প্ৰমাণ কৰিলে কোকৰাঝাৰৰ বিজেপিৰ নেতাগৰাকীয়ে। 

ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হোৱা চাঞ্চল্য অব্যাহত থকাৰ সময়তে বুধবাৰে নিশা আৰক্ষীয়ে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কোকৰাঝাৰ বিজেপিৰ প্ৰাক্তন জিলা সভাপতি, বিজেপিৰ জ্যেষ্ঠ নেতা তথা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু উদ্যান পৰিচালনা সমিতিৰ সভাপতি সন্তোষ তৰফদাৰক গ্ৰেপ্তাৰ কৰা ঘটনাই সৰিয়হ ডুলিতেই যে ভূত থাকে তাকেই প্ৰমাণ কৰে৷ 

উল্লেখ্য যে, যোৱা ১৩ মাৰ্চৰ নিশা কোকৰাঝাৰ সদৰ চহৰত থকা শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি দুৰ্বৃত্তই হাতুৰীৰে কোবাই ভাঙি পেলোৱাৰ পিছতে বিজেপিৰ জ্যেষ্ঠ নেতা সন্তোষ তৰফদাৰে সংবাদমেলত অংশগ্ৰহণ কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছিল। বিজেপিৰ তেনে এগৰাকী নেতাক পৰবৰ্তী পৰ্যায়ত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যই বিজেপি নেতাৰ মুখাৰ আঁৰৰ মুখ উন্মোচিত হৈছে। 

উল্লেখ্য যে, শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাৰ পিছতে  দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কঠোৰ নিৰ্দেশ প্ৰেৰণ কৰিছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত কিছু তথ্য উদঘাটন হৈছিল আৰু তদন্তৰ খাতিৰত আৰক্ষীয়ে চহৰখনৰ বিভিন্ন অঞ্চলত অভিযান চলাই ২২ জনকৈ লোকক আটক কৰিছিল৷ পৰৱৰ্তী পৰ্যায়ত অৱশ্যে আৰক্ষীয়ে আটকাধীন লোক সকলক মোকলাই দিছিল যদিও ঘটনাটোৰ সৈতে জড়িত থকা মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাছিল৷ 

ইয়াৰ মাজতে আকৌ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ভঙা প্ৰতিমূৰ্তিৰ মুখমণ্ডলত ঢাকি ৰখা কলা কাপোৰখন সন্তোষ তৰফদাৰে মুখমণ্ডলৰ পৰা আতঁৰাই ৰঙা কাপোৰেৰে ঢাকি ৰাখি আন এক উত্তেজনাৰ সৃষ্টি কৰিছিল৷ বহু লোকক সোধপোছ কৰাৰ অন্তত অৱশেষত আৰক্ষীয়ে যোৱা নিশা এক গোপন তথ্যৰ ভিত্তিত সন্তোষ তৰফদাৰক ঘটনাটোৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে৷ 

আৰক্ষীয়ে গোচৰ নং ১১৮/১৮ মৰ্মে ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি /১৫৩/৩৫৩ ধাৰাৰ অধীনত কোকৰাঝাৰ সদৰ থানাত ধৃত সন্তোষ তৰফদাৰক মাৰাথন জেৰা চলোৱাৰ পিছত আজি দুপৰীয়া হাতত হেণ্ডকাপ লগাই আদালতত হাজিৰ কৰায়৷ 

আদালতে সন্তোষ তৰফদাৰক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰন কৰে৷ ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভঙাক কেন্দ্ৰ কৰি অৱশেষত বিজেপি দলৰে এগৰাকী জ্যেষ্ঠ নেতাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যই কোকৰাঝাৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু একাংশ বিজেপি নেতাৰ কাম কাজক লৈ জনসাধাৰণ সন্দিহান হৈ পৰিছে।