ডিজিটেল ডেস্কঃ বিজেপিৰ বৰেলী আঞ্চলিকৰ সংখ্যালঘু শাখাৰ নেতাক অচিনাক্ত দুৰ্বৃত্তই বৃহস্পতিবাৰে আবেলি গুলিৰে থকা-সৰকা কৰে।

তিনিটাকৈ গুলিৰে থকা-সৰকা হোৱা ৰইচ আহমেদ নামৰ বিজেপি কৰ্মীগৰাকীক ব্যক্তিগত খণ্ডৰ চিকিৎসালয় এখনত ভৰ্তি কৰোৱা হয়।

নেতাগৰাকীৰ অৱস্থা সংকটজনক বুলি জানিবপৰা গৈছে। আবেলি ৭ মান বজাত মটৰ চাইকেলেৰ ঘৰলৈ আহি থকা অৱস্থাতে অচিনাক্ত বন্দুকধাৰীয়ে তেঁওৰ ওপৰত অতৰ্কিতে গুলিবৰ্ষণ কৰে।

দলটোত কিমানজন লোক আছিল আৰু হত্যাৰ চেষ্টাৰ কাৰণ জানিবপৰা হোৱা নাই বুলি বৰেলীৰ আৰক্ষী অধিক্ষক খ্যাতি গাৰ্গে জনায়।