কোকৰাঝাৰঃ পঞ্চায়ত নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজ্যৰ শাসক-বিৰোধি৷ কংগ্ৰেছ, বিজেপি, অগপ, ইউডিএফ কোনেও পিছ পৰি থক নাই৷ ৰাজ্যৰ বিভিন্ন ঠাইত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাই গৈছে প্ৰতিটো দলে৷

বিটিচিত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত নহয় যদিও বিটিএডিৰ শাসকীয় দল বিটিএডিৰ বাহিৰত পঞ্চায়ত নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে৷ ইউডিএফৰ আধিপত্য থকা সমষ্টিত বিপিএফে বিশাল সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণশিঙা বজায় বুধবাৰে৷ ধুবুৰী জিলাৰ ২৬নং বিলাসীপাৰা পশ্চিম আৰু ২৭নং বিলাসীপাৰা পূৱ সমষ্টিৰ পঞ্চায়ত নিৰ্বাচনত সফলতা লাভ কৰিবলৈ কঁকালত টঙালি বান্ধিছে বিপিএফ দলে।

ইতিমধ্যে ৰাজ্যৰ ৰাজনৈতিক দলসমুহে আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ ঠায়ে ঠায়ে দলীয় সভা অনুষ্ঠিত কৰি প্ৰচাৰ অভিযান আগবঢ়াই নিয়াৰ পিছত বুধবাৰে সমষ্টি দুটাত বিপিএফৰ ধ্বজা উৰুৱাই বিপিএফ দলে বামুনগাঁৱত পঞ্চায়ত নিৰ্বাচন অভিযান সভা অনুষ্ঠিত কৰি আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজায়।

বামুনগাঁৱত ৭ খন বিপিএফ প্ৰাথমিক সমিতি আৰু ২০ খন পঞ্চায়ত বিপিএফ সমিতিয়ে যৌথভাৱে পঞ্চায়ত নিৰ্বাচনী সভা অনুষ্ঠিত কৰি পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা বজোৱা কাৰ্যই ৰাজনৈতিক মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

বামুনগাঁৱত অনুষ্ঠিত হোৱা সভাত বিপিএফৰ ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে উপস্থিত থাকি আগন্তুক পঞ্চায়ত নিৰ্বাচনত বিপিএফ দলে ভাল ফলাফল লাভ কৰিব বুলি আশা প্ৰকাশ কৰি ২৭নং বিলাসীপাৰা পুৱ সমষ্টিৰ ২০খন পঞ্চায়তেই বিপিএফে দখল কৰিব বুলি আশা প্ৰকাশ কৰিছে।

অগপ বিজেপিৰ সৈতে মিত্ৰতা থকা হেতুকে তথা মিত্ৰদলৰ প্ৰতিপক্ষক নিৰ্বাচনত পৰাজিত কৰিবলৈ যিবোৰ এলেকাত যি দলৰ প্ৰাধান্য আছে সেইমতে সেইদলৰ প্ৰাৰ্থী দিয়াৰ পোষকতা কৰি সাংসদ বিশ্বজিৎ দৈমাৰীয়ে এআইইউডিএফৰ প্ৰতি ৰাইজৰ বৰ্তমান আস্থা ভংগ হৈছে বুলিও মন্তব্য প্ৰকাশ কৰে।

সভাত কংগ্ৰেছ আৰু এআইইউডিএফৰ কেইবাগৰাকী নেতা-কৰ্মীয়ে বিপিএফ দলত যোগদান কৰে৷ আগন্তুক মাৰ্চ-এপ্ৰিল মাহত ৰাজ্যত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনীয়তাও প্ৰকাশ কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

কোকৰাঝাৰ জিলাৰ সীমামুৰীয়া তথা ২৭নং পূৱ বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বামুনগাঁৱত অনুষ্ঠিত হোৱা বিপিএফৰ পঞ্চায়ত নিৰ্বাচন অভিযান সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য মনো কুমাৰ ব্ৰহ্ম, বিপিএফৰ নেত্ৰী মালতী ৰাণী নাৰ্জাৰীকে ধৰি বিপিএফৰ বহু নেতা কৰ্মী উপস্থিত থাকে।