ডিজিটেল ডেস্কঃ বিৰোধী দলে প্ৰায়ে 'পৰিৱৰ্তন’ৰ নাম লৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰা দেখা যায়। কিন্তু এইবাৰ প্ৰধানমন্ত্ৰীক মোডীক লক্ষ্য কৰি কটু সমালোচনা কৰিছে নিজৰেই দলৰ এজন বিধায়কে।

ৰাজস্থানৰ বিধায়ক ঘনশ্যাম তিৱাৰিয়ে কৃষকৰ দুৰাৱস্থাৰ বাবে জগৰীয়া কৰিছে প্ৰধানমন্ত্ৰীক৷ গেৰুৱা দলৰ বিধায়ক গৰাকীৰ মতে দেশত এতিয়া কৰ্পৰেট গোষ্ঠীয়েহে বিকাশৰ মুখ দেখিছে৷ সমগ্ৰ বিশ্বৰ ভিতৰতে আৰ্থিক বিকাশৰ ক্ষেত্ৰত ভাৰত আগবঢ়া। কিন্তু সেই অনুপাতে উন্নয়ন হোৱা নাই ভাৰতীয়ৰ৷

এতিয়াও কৃষকসকলে চৰম দৰিদ্ৰতাৰ মাজত দিন কটাবলগীয়া হৈছে৷ আনহাতে আদানি-আম্বানীৰ দৰে ব্যৱসায়ীক গোষ্ঠীসমুহ অহৰহ লাভান্বিত হৈ আহিছে৷ দেশ এতিয়া পুঁজিবাদীৰ দখলত বুলিও মোডীক সমালোচনা কৰে বিধায়কগৰাকীয়ে৷ আজি দেশত কৃষকে ধাৰৰ বোজাত পোত খাই আছে৷ কিন্তু এতিয়া লাভান্বিত হৈছে পুঁজিপতিসকল৷

দেশত নিবনুৱা সমস্যা বঢ়া বুলিও কয় তিৱাৰিয়ে৷ ইয়াৰ পুৰ্বে ৰাজস্থানৰ বসুন্ধৰা ৰাজে চৰকাৰক সমালোচনা কৰিও সংবাদ মাধ্যমৰ শীৰ্ষলৈ আহিছিল বিধায়কগৰাকী৷ বসুন্ধৰা ৰাজে প্ৰৱৰ্তন কৰা পুৰ্বৰ মুখ্যমন্ত্ৰীক আজীৱন ঘৰ, গাড়ী দিয়া আইনক সংবিধানিক লুট বুলি দাবী কৰিছিল বিধায়কগৰাকী।