newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৪ৰ লোকসভা নিৰ্বাচনৰ এবছৰ পূৰ্বে অমিত শ্বাহক বিজেপিৰ ৰাষ্ট্ৰীয় মহা সচিব হিচাপে নিযুক্ত কৰি তেওঁক উত্তৰ প্ৰদেশৰ প্ৰভাৰীৰ দায়িত্ব অৰ্পণ কৰা হৈছিল৷ ২০১৩ চনত উত্তৰ প্ৰদেশত বিজেপিয়ে জয়লাভ কৰাটো এক অলীক সপোন হিচাপেই ধৰি লোৱা হৈছিল৷ সেই সময়ত উত্তৰ প্ৰদেশত বিজেপি তৃতীয় আৰু চতুৰ্থ শাৰীৰ ৰাজনৈতিক দল হিচাপে পৰিচিত আছিল৷

সেই সময়ত বিজেপিৰ কৰ্মকৰ্তা সকলৰ মাজত এক সঠিক লক্ষ্য আৰু কৰ্ম উদ্দীপনা দেখিবলৈ পোৱা নগৈছিল৷ সেই সময়ত দুৰ্বল বিজেপিক উজ্জীৱিত কৰি অমিত শ্বাহে লাহে লাহে উত্তৰ প্ৰদেশৰ বিজেপি কৰ্মকৰ্তাসকলৰ মাজত নতুন শক্তিৰ সঞ্চাৰ কৰিছিল৷ নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা হোৱাৰ পূৰ্বে শ্বাহে উত্তৰ প্ৰদেশত নিজৰ সাংগঠনিক নেতৃত্বৰ ভিত্তিত বিজেপিক শক্তিশালী কৰাৰ লগতে বৃহৎ নেটৱৰ্ক গঢ়ি তোলে৷

পিছত মোডী প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা হোৱাৰ পিছত অমিত শ্বাহে গঢ়ি তোলা নেটৱৰ্কে উত্তৰ প্ৰদেশৰ ৰাজনৈতিক প্ৰেক্ষাপটেই সলনি কৰি দিয়ে৷ এছপি আৰু বিএছপিক আক্ৰমণৰ লক্ষ্য হিচাপে লৈ অমিত শ্বাহে বিজেপিক বিকল্প চৰকাৰ হিচাপে জনতাৰ মনত প্ৰতিষ্ঠা কৰে৷ বিৰোধীয়ে যদিও অমিত শ্বাহৰ ৰাজনীতিক বিভাজনকামী ৰাজনীতি হিচাপে আখ্যা দিয়ে, কিন্তু শ্বাহে উত্তৰ প্ৰদেশৰ বিভিন্ন সৰু বৰ সম্প্ৰদায়ক সাক্ষাত কৰি তেওঁলোকৰ পক্ষীয় কৰি লবলৈ সক্ষম হয়৷

দলিত, যাদৱ আৰু অতি পিছপৰা জাতি সমূহ বিজেপিৰ সৈতে সংযুক্ত হোৱাটোৱে ৰাজ্যখনত বিজেপিৰ সবল স্থিতি প্ৰকট কৰিছিল৷ শ্বাহৰ ৰণনীতিৰ দক্ষতাৰ বলত খোদ মোডী বাৰানসীৰ নিৰ্বাচনী পথাৰত নামি পৰে৷ যিয়ে উত্তৰ প্ৰদেশৰ লগতে বিহাৰতো প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়৷

কিছু সংখ্যকে ইয়াক মোডী জোৱাৰ আখ্যা দি অমিত শ্বাহৰ ৰণনীতিক খাৰিজ কৰি আহিছে যদিও উত্তৰ প্ৰদেশত মৃতপ্ৰায় সংগঠনত নতুন জীৱন দি অমিত শ্বাহে নিজৰ দক্ষতাৰ পৰিচয় দিছে৷ উত্তৰ প্ৰদেশত বিজেপিয়ে ৮০ খন আসনৰ ভিতৰত ৭১ খন আসনতে জয়লাভ কৰাৰ বিপৰীতে সহযোগী দলে ২ খন আসনত জয়লাভ কৰি বৃহৎ সফলতা অৰ্জন কৰিছিল৷

২০১৯ৰ নিৰ্বাচনৰ পূৰ্বে অমিত শ্বাহ পুনৰ এবাৰ বিজেপিৰ চলন্ত গাড়ীৰ চালকৰ চিটত বহা পৰিলক্ষিত হৈছে৷ এইবাৰ তেওঁ প্ৰভাৰী মহা সচিব হিচাপে নহয়, বৰং দলৰ অধ্যক্ষ হিচাপেহে নিৰ্বাচনী পথাৰত অৱৰ্তীৰ্ণ হৈছে৷ তেওঁৰ বিৰুদ্ধে এইবাৰ প্ৰত্যাহ্বানো বৃদ্ধি পাইছে৷ কিয়নো উত্তৰ প্ৰদেশত পূৰ্বৰ আসন বৰ্তাই ৰখা শ্বাহৰ বাবে এইবাৰ অসম্ভৱ বুলি চৰ্চা চলিছে৷ দুদিনীয়া উত্তৰ প্ৰদেশ ভ্ৰমণৰ সময়ত অমিত শ্বাহে নিজেও স্বীকাৰ কৰিছে যে ‘উত্তৰ প্ৰদেশ হৈহে দিল্লীলৈ যাব পাৰি৷’

শ্বাহে উত্তৰ প্ৰদেশৰ সাম্প্ৰতিক পৰিস্থিতি অনুধাৱন কৰিব বিচৰা পৰিলক্ষিত হৈছে৷ উত্তৰ প্ৰদেশৰ ফলাফলৰ ওপৰত বিজেপিৰ ভৱিষ্যত নিৰ্ধাৰণ কৰে বুলি অমিত শ্বাহে ইতিমধ্যেই অনুভৱ কৰিছে৷ সেই প্ৰৰিপ্ৰেক্ষিতত তেওঁ উত্তৰ প্ৰদেশত দুদিন বাহৰ পাতি নিৰ্বাচনী ৰণ কৌশল অৱলম্বন কৰিবলৈ যত্ন কৰিছে৷ ৪ জুলাইত তেওঁ মিৰ্জাপুৰ-বাৰানসী আৰু ৫ জুলাইত আগ্ৰাত বাহৰ পাতি তেওঁ সমগ্ৰ ৰাজ্যখনত বিজেপিৰ ৰণনীতি মজবুত কৰিবলৈ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ 

ৰাজ্যখনৰ তিনিটা বিজেপিৰ অধীনৰ সমষ্টিৰ উপ নিৰ্বাচনত বিজেপিৰ শোচনীয় পৰাজয়ে অমিত শ্বাহৰ চিন্তা বৃদ্ধি কৰিছে৷ প্ৰথমে গোৰখপুৰ আৰু ফুলপুৰ আৰু শেষত কৈৰানা লোকসভা সমষ্টিত বিজেপিৰ শোচনীয় পৰাজয়ে ৰাজ্যখনত বিজেপিৰ স্থিতি দুৰ্বল কৰা পৰিলক্ষিত হৈছে৷ তিনিওখন আসনত বিৰোধীয়ে দয় সাব্যস্ত কৰি অমিত শ্বাহ আৰু বিজেপিৰ ৰণনীতিক প্ৰত্যাহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে৷

বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে এতিয়াৰ পৰাই পেটেল, ৰাজভৰ, মোৰ্য্য আৰু দলিত ভোটবেংকক নিজৰ সৈতে সংযুক্ত কৰি ৰাখিবলৈ নতুন ৰণনীতি প্ৰস্তুত কৰিছে৷ উত্তৰ প্ৰদেশত বিজেপিৰ সহযোগী ওমপ্ৰকাশ ৰাজভৰ আৰু অনুপ্ৰিয়া পেটেলৰ সৈতে সম্বন্ধক লৈ শ্বাহে দলৰ নেতৃবৰ্গৰ লগত আলোচনাত মিলিত হোৱা বুলি জানিব পৰা গৈছে৷ 

ইফালে, নিৰ্বাচনৰ প্ৰাকক্ষণত ছ’চিয়েল মিডিয়াৰ বিজেপি কৰ্মকৰ্তা সকলৰ লগতো গম্ভীৰ আলোচনাত মিলিত হয় অমিত শ্বাহ৷ তেওঁ দলক শক্তিশালী কৰিবলৈ ছ’চিয়েল মিডিয়াত অধিকতম প্ৰচাৰ চলাবলৈ দলীয় কৰ্মকৰ্তাসকলক আহ্বান জনায়৷ উল্লেখ্য যে, বিজেপিৰ সফলতাৰ এক মুখ্য ৰণনীতিয়েই হৈছে সামাজিক মাধ্যম সমূহ৷ সমগ্ৰ দেশত বিজেপিয়ে ছ’চিয়েল মাধ্যম যোগে দলৰ প্ৰচাৰ কৰি আহিছে৷