কলকাতাঃ ৰামনৱমীৰ দিনাই বে-আইনীভাৱে অস্ত্ৰ লৈ শোভাযাত্ৰা কৰা বিজেপিৰ পশ্চিমবংগ ৰাজ্যিক কমিটিৰ সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে অস্ত্ৰ আইনৰ অধীনত ৰুজু হৈছে গোচৰ৷ খড়গপুৰ টাউন থানাত আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে এই গোচৰ৷ অভিযোগৰ ভিত্তিত এণ্টালি, পোস্তা আৰু ভৱানীপুৰ থানাতো গোচৰ ৰুজু হৈছে৷

গোচৰ ৰুজু হ’লেও বিষয়টোক গুৰুত্ব দিয়াৰ পৰা বিৰত আছে বিজেপিৰ নেতাজন৷ তেওঁৰ বক্তব্য, আইন কি কেৱল দিলীপ ঘোষৰ বাবেহে নেকি? ৰামনৱমীৰ দিনা সশস্ত্ৰ শোভাযাত্ৰাত খড়গপুৰৰ পৌৰপতিও জড়িত আছিল৷ এনেক্ষেত্ৰত কেৱল তেওঁক গ্ৰেপ্তাৰ কৰাতো আইনৰ ভুল বুলিও উল্লেখ কৰে নেতাজনে৷ 

ৰামনৱমীৰ দিনা কলকাতাসহ বিভিন্ন জিলাত বিজেপিয়ে যি ধৰণে সশস্ত্ৰ শোভাযাত্ৰা উলিয়াইছিল, সেয়া প্ৰত্যক্ষ কৰি হতভম্ব হৈ পৰে সকলো৷ গেৰুৱা পতাকাৰ সৈতে শোভাযাত্ৰাটোত অংশগ্ৰহণকাৰী প্ৰত্যেকে হাতত তুলি লৈছিল ধাৰাল তৰোৱাল৷ বিষয়টো সন্দৰ্ভত আৰক্ষীৰ ভূমিকাক লৈও উত্থাপিত হৈছে প্ৰশ্ন৷ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়েও সশস্ত্ৰ এই শোভাযাত্ৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ পিছতে জামিনবিহীন ধাৰত বৃহস্পতিবাৰে দিলীপ ঘোষৰ বিৰুদ্ধে গোচৰ ৰুজু হয়৷ 

কলকাতা আৰক্ষীৰ যুটীয়া আয়ুক্ত সুপ্ৰতীম সৰকাৰে এই সন্দৰ্ভত কয় যে আইন আইনৰ পথেৰে অগ্ৰসৰ হ’ব৷ আৰক্ষীয়ে আইন অনুসৰিয়েও ব্যৱস্থা গ্ৰহণ কৰিব৷ সৰকাৰে জনোৱা মতে অস্ত্ৰ আইনৰ অধীনত দোষী সাব্যস্ত হ’লে সৰ্বনিম্ন ৩ বছৰ আৰু সৰ্বাধিক ১০ বছৰৰ কাৰাবাস হ’ব পাৰে৷

ইফালে পশ্চিম বংগ আৰক্ষীৰ আন এক শীৰ্ষ সূত্ৰই সংবাদ মাধ্যমক জনায় যে ৰামনবমীৰ দিনা অস্ত্ৰসহ শোভাযাত্ৰা কৰাৰ কোনোধৰণৰ অনুমতি লোৱা নাছিল উদ্যোক্তাসকলে৷ তাৰ পৰিপ্ৰেক্ষিততে আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবলৈ বাধ্য হৈ পৰে বুলিও সদৰী কৰে সূত্ৰটোৱে৷ 

উল্লেখ্য যে এই প্ৰথমবাৰৰ বাবে ৰাজ্যখনত এনেদৰে মহা ধুমধামেৰে ৰামনৱমীৰ আয়োজন কৰিছে বিজেপি আৰু সংঘ পৰিয়ালে৷