newsnextone.com | গুৱাহাটীঃ বৰাকৰ শিলচৰলৈ অহা তৃণমূলৰ দলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে আটক কৰাৰ ঘটনাৰ বিৰুদ্ধে অহা ৪-৫ আগষ্টত কলা দিৱস পালন কৰাৰ কথা ঘোষণা কৰে তৃণমূল কংগ্ৰেছে। এই কথা শুকুৰবাৰে প্ৰকাশ কৰে দলটোৱে। 

শিলচৰত তৃণমূলৰ দলক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে তৃণমূলে। আনহাতে অসম আৰক্ষীয়ে তৃণমূলৰ দলেহে অসম আৰক্ষীৰ মহিলা জোৱানক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে। প্ৰহাৰ আৰু আটক কৰাৰ ঘটনাৰ বিৰুদ্ধে অহা ৪-৫ আগষ্টত কলা দিৱস পালন কৰাৰ কথা ঘোষণা কৰে তৃণমূল কংগ্ৰেছে।