তেজপুৰঃ ৰক্তদান নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাই সোমবাৰে এটি কাৰ্যালয় মুকলি কৰে তেজপুৰত৷ ৰক্তদানৰ দৰে মহান কামত জৰিত হৈ ৰোগীক সময়ত ৰক্ত দানেৰে সহায়ৰ হাত আগবঢ়োৱা অনুষ্ঠানটোৱে দহৰ হকে কাম কৰাৰ বাবে কাৰ্যালয় মুকলি কৰা বুলি কয়৷

মানৱতাৰ সেৱাকে প্ৰাধান্য দিয়াৰ লক্ষ্য আৰু উদ্দেশ্যেৰে কাম কৰা যোৱা অনুষ্ঠানটোৱে ৰবিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা ৰোগীক তেজ যোগান ধৰাৰ লগতে তেজৰ সংগ্ৰহ কৰাৰ ব্যৱস্থা কৰি মহান কাম কৰি গৈছে৷ ৰক্তদানৰ লগতে বিভিন্ন সামাজিক কাম কৰিও সকলোৰে সহযোগিতাত আগুৱাই যাবলৈ চেষ্টা কৰি কাৰ্যালয় মুকলি কৰে ৰক্তদানে।

দুৰ্ঘটনা, বিভিন্ন জটিল ৰোগৰ সময়ত এটুপি ৰক্তই মানুহৰ জীৱন ৰক্ষা কৰিব পাৰে। এটুপি ৰক্ত বিচাৰি হাহাকাৰ কৰিব লগা হয় মানুহে। কেতিয়াবা কোনো লোকৰ তিল তিলকৈ মৃত্যু মুখত পৰিব লগা হয় এটুপি ৰক্তৰ বাবে। ৰক্তৰ অভাৱত কোনো লোকৰ মৃত্যু নহওক তাৰে কামনা কৰি তেজপুৰত ১৯৯২ চনত ৰক্তদান নামৰ স্বেচ্চামুলক অনুষ্ঠানটোৰ জন্ম হৈছিল।

কাৰ্যালয়টো আনুষ্ঠানিক ভাবে মুকলি কৰে দৰং মহাবিদ্যালয়ৰ অধ্যাপক মানস পাটগিৰিয়ে। উদ্ধোধনী অনুষ্ঠানত চিকিৎসক ড০ সঞ্জয় ৰায় আৰু সাংবাদিক সঞ্জীৱ হাজৰিকা, পুলক ডেকা, অপুৰ্ব বৰা আৰু অশ্বনী বৰা উপস্থিত থাকে৷ অনুষ্ঠানটোৰ সম্পাদক পৱন নাথে বৰ্তমানলৈকে ১৯৬৭গৰাকী ৰোগীৰ পৰা ৰক্ত সংগ্ৰহ কৰি হাজাৰৰো অধিক লোকক ৰক্তদান কৰা বুলি কয়৷