প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ মৃত্যুৰ পিছত ৰক্ত পৰীক্ষা কৰাৰ কথা আপুনি শুনিছেনে৷ ভাবিলে আচৰিত যদিও এনে এক ঘটনা সংঘটিত হৈছে কলিকতাৰ এখন ব্যক্তিগত চিকিৎসালয়ত৷

সঞ্জয় পোদ্দাৰ নামৰ ৰোগীজনৰ মৃত্যুৰ পিছতো ৰক্ত পৰীক্ষা কৰাই ধন সৰকালে চিকিৎসকে। এই ৰক্তপৰীক্ষাৰ নামত মৃতকৰ পৰিয়ালে আদায় দিবলগীয়া হ’ল ১৬ হাজাৰ টকা৷

বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত প্ৰায় ৫৫ দিন চিকিৎসালয়ত থকাৰ পিছত মৃত্যু হৈছিল সঞ্জয় পালৰ৷ ৭ ছেপ্তেম্বৰৰ দিনা ১২ বাজি ২০ মিনিটত মৃত্যু হৈছিল সঞ্জয় পালৰ৷

কিন্তু উক্ত দিনাই ১ বাজি ২৬ মিনিটত মৃতকৰ ৰক্ত পৰীক্ষা কৰা বুলি দেখুৱাই ১৬ হাজাৰ টকাৰ বিল পৰিশোধ কৰিবলৈ দিয়া হয় পৰিয়ালক৷

দেওবাৰে কলকাতাত এটা স্বেচ্ছাসেৱী অনুষ্ঠানে আয়োজন কৰা এক অনুষ্ঠানত এই সমগ্ৰ ঘটনা প্ৰকাশ কৰিছে মৃতকৰ ভাতৃয়ে৷