কোকৰাঝাৰঃ বিটিচি গঠন হোৱাৰ পিছত সমন্বয়ৰ দ্বাৰা শান্তি প্ৰতিষ্ঠা কৰিলে হাগ্ৰামা মহিলাৰীয়ে। বিটিএডি এলেকাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে শান্তি প্ৰতিষ্ঠা হৈছে আৰু এয়াই ডাঙৰ সফলতা। কোকৰাঝাৰত এই মন্তব্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কোকৰাঝৰত অনুষ্ঠিত হোৱা বডোলেণ্ড দিৱস উপলক্ষে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰদুষণমুক্ত, দুৰ্নীতিমুক্ত আৰু সকলোৰে সম-উন্নয়নৰ বাবে চৰকাৰে কাম কৰি যাব বুলি উল্লেখ কৰি দেশৰ ভিতৰতে শ্ৰেষ্ঠতম ৰাজ্যত পৰিণত কৰাৰ বাবে চৰকাৰে সৰ্বতোপ্ৰকাৰে কাম কৰি যাব বুলি মন্তব্য কৰে সোণোৱালে।

প্ৰতিগৰাকী শিক্ষাৰ্থীক উপযুক্ত শিক্ষা দিবলৈ শিক্ষকৰ প্ৰতি আহ্বান জনাই আৰু অভিভাৱকসকলে নিজৰ সন্তানৰ প্ৰতি নজৰ দিয়া উচিত বুলি মন্তব্য কৰি উপযুক্ত শিক্ষাই ৰাষ্ট্ৰ আৰু দেশৰ কল্যাণ সাধন কৰে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে মুকলি সভাত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিএডিৰ আলফাৰ শ্বহীদৰ পৰিয়ালক ১ লাখকৈ আৰ্থিক সাহায্য দিয়া হ’ব বুলি ঘোষণা কৰি বিটিচিৰ বাহিৰত বড়ো সাহিত্য সভা আৰু আবৌফৰ কাৰ্যালয়ো নিৰ্মান কৰা হ’ব বুলি ঘোষণা কৰে মহিলাৰীয়ে। মহিলাৰীয়ে শান্তি সম্প্ৰীতি আৰু মিলাপ্ৰীতিৰ স্বাৰ্থত বড়ো ছাত্ৰ-ছাত্ৰীক আছুত যোগদানৰ আহ্বান জনাই৷ সকলোকে শান্তি সম্প্ৰীতি আৰু ভাতৃত্ববোধৰে আগুৱাই যোৱাৰো আহ্বান জনায়।

তদুপৰি ভাষণত মহিলাৰীয়ে বিটিচিৰ বাহিৰত বসবাস কৰা বড়োসকলৰ বাবেও আঁচনি লোৱা বুলি সদৰি কৰি মুখ্যমন্ত্ৰীৰ সন্মুখতে উন্নয়নৰ স্বাৰ্থত যাৰ চৰকাৰ তাকেই সমৰ্থন কৰিব বুলি ঘোষণা কৰে। কোকৰাঝাৰত মেডিকেল কলেজ স্থাপনৰ আশা প্ৰকাশ কৰি মহিলাৰীয়ে বেকী নৈকে ধৰি বিটিএডিৰ আন কেবাটাও নৈৰ ওপৰত দলং নিৰ্মান কৰা হ’ব বুলি ঘোষণা কৰে। উল্লেখ্য যে, দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত বিএলটিয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে সম্পাদন কৰা ঐতিহাসিক বড়ো চুক্তিয়ে আজি ১৬ তম বৰ্ষত ভৰি দিলে।

প্ৰতি বছৰৰ ১০ ফেব্ৰুৱাৰীৰ দিনটো বিটিচি চৰকাৰে বডোলেণ্ড দিৱস হিচাপে জাক-জমকতাৰে পালন কৰি আহিছে আৰু আজিও বিটিচি চৰকাৰৰ উদ্যোগত কোকৰাঝাৰৰ বডোফা নগৰ তথা বিটিচি সচিবালয়ৰ খেলপথাৰত অতি জাকজমকতাৰে বডোলেণ্ড দিৱস উদযাপন কৰা হয়। পুৱা দেৱৰগাঁওস্থিত বডোলেণ্ড শ্বহীদ উদ্যানত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি বিপিএফৰ বিধায়ক, বিটিচিৰ কাৰ্যবাহী সদস্যকে ধৰি শ্বহীদৰ আত্মীয়-কুটুমে শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰাৰ পিছতে কাৰ্যসূচী অনুসৰি বিটিচি সচিবালয়ৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে হাগ্ৰামা মহিলাৰীয়ে।

ইয়াৰোপৰি বিটিচি সচিবালয়ৰ সন্মুখত থকা বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমুৰ্তিত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে।  বিটিচি সচিবালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা ১৬ তম বডোলেণ্ড দিৱসৰ মুকলি সভাত আজি বিটিচি কৰ্তৃপক্ষই খেলুৱৈ ফৈলাও বসুমতাৰীক ৫ লাখ, মিনু বসুমতাৰীক ৫ লাখ, ভাগ্যৱতী বসুমতাৰীক ৫ লাখ, যমুনা বড়োক ৫ লাখ, ৰংজালী বসুমতাৰীক ২লাখ, প্ৰমীলা দৈমাৰীক ২ লাখ আৰু বিভাৰাণী নাৰ্জাৰীক ২ লাখ টকাৰ আৰ্থিক সাহায্য আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। ইয়াৰোপৰি বিটিচি চৰকাৰে প্ৰতিবছৰে প্ৰদান কৰা প্ৰমোদ চন্দ্ৰ ব্ৰহ্ম সাহিত্যিক বঁটা এইবেলি ৰীতা বড়োক দুইলাখ টকাৰ চেক, মানপত্ৰৰে আৰু ফুলৰ থোপাৰে প্ৰদান কৰা হয়।

তদুপৰি জৌহালাও নিলেশ্বৰ ব্ৰহ্ম বঁটা বিশিষ্ট কৌতুক অভিনেতা বিপুল ৰাভাক প্ৰদান কৰে হাগ্ৰামা মহিলাৰীয়ে। মুকলি সভাৰ আদৰণি ভাষণত বিটিচিৰ উপ-মুখ্য কাৰ্যবাহী খাম্পা বৰগয়াৰীয়ে বিটিচি গঠন হোৱাৰ পিছতে প্ৰতিটো ক্ষেত্ৰত ব্যাপক উন্নতি সাধন হোৱাৰ লগতে শিক্ষা, ক্ৰীড়াকে ধৰি সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিছে বুলি উল্লেখ কৰি অনাগত সময়ছোৱাত বিটিচিয়ে আৰু অধিক উন্নয়ন আৰু সফলতা বিশ্বজয় কৰিব বুলি আশা প্ৰকাশ কৰে। মুকলি সভাৰ আঁতধৰা ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে বিটিচিৰ বিভিন্ন দিশৰ উন্নয়ন খতিয়ান দাঙি ধৰাৰ লগতে এনডিএফবি ৰঞ্জন গোট আৰু এবছুৰ পৰা ৩৯গৰাকী সদস্যই বিপিএফ দলত যোগদান কৰাত আদৰণি জনায়।

সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই নিজ ভাষণত হাগ্ৰামা মহিলাৰীয়ে চৰকাৰৰ অংশীদাৰী দল হিচাপে থাকি যি সমন্বয়, ভাতৃত্ববোধ আৰু মিলাপ্ৰীতিৰে শান্তি আৰু উন্নয়নৰ দিশে ধাৱমান হৈছে সেয়া সঁচাই আদৰণীয় বুলি মন্তব্য কৰি শান্তি অবিহনে উন্নয়ন অসম্ভৱ বুলি মন্তব্য কৰে। বডোলেণ্ড দিৱসৰ মুকলি সভাত মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বড়ো আন্দোলনৰ শ্বহীদসকলকৰ ত্যাগৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিৱেদন কৰি হাগ্ৰামা মহিলাৰীৰ নেতৃত্বক সকলোৱে স্বীকাৰ কৰা বুলি মন্তব্য কৰি মন্ত্ৰী ব্ৰহ্মই অনাগত সময়ছোৱাত হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত অধিক উন্নয়ন হ’ব বুলি মত প্ৰকাশ কৰে।