photo by Dhananjoy Nath
photo by Dhananjoy Nath

কোকৰাঝাৰঃ সমাজত বৰ্তি থকা ধৰ্মীয় অসহিষ্ণুতা, হিংসা-অসূয়া, অশান্তি-অবিচাৰৰ বিপৰীতে  শান্তি-সম্প্ৰীতি, ভাতৃত্ববোধ অাৰু সমন্বয় ঐক্যৰ ধাৰা প্ৰৱাহিত কৰাৰ এক অনন্য প্ৰচেষ্টাৰ অংশস্বৰূপেই কাইলৈৰ পৰা অৰ্থাৎ ২১ এপ্ৰিলৰ পৰা তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে কোকৰাঝাৰৰ বেচৰগাঁৱত অনুষ্ঠিত হ'ব শান্তি অাৰু ঐক্য-সমন্বয়ৰ উৎসৱ।

নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউন্সিলৰ উদ্যোগত কাইলৈৰ পৰা অনুষ্ঠিত হ'বলগীয়া শান্তি-সমন্বয়-ঐক্যৰ তিনিদিনীয়া উৎসৱৰ প্ৰস্ততি সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ সকলো জাতি জনগোষ্ঠীৰ উপৰিও বহি:ৰাজ্যৰ পৰাও অংশগ্ৰহণ কৰিবলগীয়া প্ৰতিনিধিক  লৈ ইতিমধ্যে উদুলি-মুদুলি হৈ পৰিছে  উৎসৱৰ প্ৰাণকেন্দ্ৰ বেচৰগাঁও।

শান্তি-সমন্বয়-ঐক্য উৎসৱৰ অায়োজক সমিতিৰ অাহ্বায়ক তথা বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰেওৰেৱা নাৰ্জীহাৰীয়ে সংবাদ মাধ্যমৰ অাগত কয় যে নেশ্যনেল বড়ো খ্ৰীষ্টিয়ান কাউন্সিলৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে সমঅধিকাৰ, সমস্থিতি, শান্তি-সম্প্ৰীতি অাৰু ঐক্যৰ বাবে এনেধৰণৰ বৃহৎ অায়োজন কৰা হৈছে।

উক্ত উৎসৱত ১০ সহস্ৰাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ বিপৰীতে প্ৰতিদিনে  কমেও  ৪০ হেজাৰ ৰাইজে অংশ ল'ব বুলি সদৰী কৰি উৎসৱৰ মুখ্য অতিথি হিচাপে চাম হিগেনবটোম, কৃষি কাৰিকৰী আৰু বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰেভাৰেণ্ড প্ৰফেচৰ ড: ৰাজেন্দ্ৰ বি .লাল উপস্থিত থাকিব বুলি সদৰী কৰিছে অায়োজক সমিতিৰ অাহ্বায়ক ৰেওৰেৱা নাৰ্জীহাৰীয়ে। 

উৎসৱত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,  বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰী, বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মকে ধৰি বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব। প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে অায়োজক সমিতিয়ে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।