কোকৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষা বিভিন্ন খেলিমেলিৰে অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাতো অাৰম্ভ হৈছে খেলিমেলি । যোৱা ৭ মাৰ্চৰ দিনাখন অনুষ্ঠিত হোৱা বড়ো মাতৃভাষাৰ পৰীক্ষাৰ প্ৰশ্নকাকতত দুই নম্বৰৰ প্ৰশ্ন কমকৈ সন্নিবিষ্ট হোৱাত এবছুৱে শিক্ষা বিভাগ অাৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদক ধিক্কাৰ-গৰিহনা দিয়াৰ লগতে পৰীক্ষাত অৱতীৰ্ণ হোৱা বড়ো মাধ্যমৰ সকলো ছাত্ৰ-ছাত্ৰীক দুই নম্বৰকৈ দিবলৈ দাবী জনাইছে । 

অাজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে কয় যে যোৱা ৭ মাৰ্চত উচ্চতৰ মাধ্যমিক চুড়ান্ত বৰ্ষৰ অাধুনিক ভাৰতীয় ভাষা (এম.অাই.এল)বিষয়ৰ পৰীক্ষা আছিল । উক্ত পৰীক্ষাৰ বড়ো বিষয়ৰ প্ৰশ্নকাকতত দুই নম্বৰ কমকৈ সন্নিবিষ্ট হয় ।

প্ৰশ্নকাকতৰ দুই নং প্ৰশ্নত ১৩ টা বাধ্যতামূলক প্ৰশ্নৰ বিপৰীতে ২৬ নম্বৰ দিয়া অাছে যদিও প্ৰশ্নকাকতত মাথো ১২টাহে প্ৰশ্ন সন্নিবিষ্ট কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলে ২ নম্বৰৰ পৰা বঞ্চিত হ'ব লগা হয় বুলি লৰেঞ্চ ইছলাৰীয়ে মন্তব্য কৰি শিক্ষা বিভাগ অাৰু শিক্ষা পৰিষদৰ গাফিলতিক কঠোৰ ভাষাৰে নিন্দা কৰিছে ।

ইয়াৰোপৰি শিক্ষা বিভাগ অাৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ ভুলৰ পৰিণতিত যাতে ছাত্ৰ-ছাত্ৰীসকল মূল্যবান দুই নম্বৰৰ পৰা বঞ্চিত নহয় তাৰ নিশ্চয়তা প্ৰদান কৰিবলৈ দাবী জনাই বড়ো মাতৃভাষাৰ পৰীক্ষাত অৱৰ্তীণ হোৱা সকলো পৰীক্ষাৰ্থীক ওপৰোঞ্চি দুই নম্বৰকৈ দিয়াৰ দাবী জনাইছে এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰীয়ে।