কোকৰাঝাৰঃ যোৱা কেইবাটাওঁ বছৰ ধৰি জাক জমকতাৰে বিটিএডিৰ শাসকীয় দল বিপিএফে বডোলেণ্ড দিৱস পালন কৰি আহিছে৷ বিটিএডিৰ সদৰ কোকৰাঝাৰ চহৰত শনিবাৰে ব্যাপক উলাহ-মালহৰে উদযাপন কৰা হব ১৬ তম বডোলেণ্ড দিৱস।

কোকৰাঝাৰ চহৰৰ সমীপৰ বিটিচি সচিবালয়ৰ বডোফা নগৰত বৰ্ণিল কাৰ্যসূচীৰে উদযাপন হ’বলগীয়া ১৬তম বডোলেণ্ড দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠা বুলি জানিব পৰা গৈছে৷

বিটিএডিৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবা হাজাৰ লোক উপস্থিত থাকিবলগীয়া বডোলেণ্ড দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা ৬ বজাত প্ৰভাত ফেৰী, ৮ বজাত বড়োলেণ্ড শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি অৰ্পণ, ৮.৪০ বজাত বিটিচি সচিবালয়ৰ প্ৰাংগনত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি অৰ্পন, ৯ বজাত সভাথলীত পতাকা উত্তোলন, ৯.১৫ বজাত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন আৰু মুকলি সভা অনুষ্ঠিত হ’ব৷

মুকলি সভাত মুখ্য অতিথি হিচাপে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৃষিমন্ত্ৰী অতুল বৰা উপস্থিত থাকিব৷ সভাত বনমন্ত্ৰী প্ৰমিলাৰাণী ব্ৰহ্ম, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, উপ-মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, বিধায়ক ৰবিৰাম নাৰ্জাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য, এমচিএলএ'ৰ উপৰিও বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰিব৷

মুকলি সভাত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে জণকল্যানমূলক আঁচনি ঘোষণা কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে। আনহাতে বডোলেণ্ড দিৱস উদযাপন সমিতিৰ সভাপতি তথা বিটিচিৰ খেল বিভাগৰ কাৰ্যবাহী সদস্য দনেশ্বৰ গয়াৰীয়ে মুকলি সভাত ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিভাৱন খেলুৱৈ ফৈলাও বসুমতাৰী, মীনু বসুমতাৰী আৰু যমুনা বড়োৰ উপৰিও বিভিন্ন ক্ষেত্ৰত বিটিচিৰ নাম উজলাই তোলা বিশেষ লোকসকলক সম্বৰ্ধনা জ্ঞাপন কৰিব বুলি জানিবলৈ দিয়ে৷ বডোলেণ্ড দিৱসৰ প্ৰাকমুহুৰ্তত বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে  নতুন আঁচনি ঘোষণা কৰা হ’ব বুলি সদৰি কৰে।