newsnextone.com | বোকাজানঃ ডিজিটেল ইণ্ডিয়াত এতিয়া ডিজিটেল ব্যৱস্থা ফেইল মৰা পৰিলক্ষিত হৈছে। চৌদিশে এতিয়া পয়মালে পয়মাল। বৰ বৰ কথা আৰু কামৰ মাজত প্ৰাৰ্থক্য আছে সেয়া জনসাধৰণে লাহে লাহে বুজি উঠিছে। যোৱা সময়ছোৱাত বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে দেশত কেচলেচ ব্যৱস্থা গঢ়ি তোলাৰ বাবে আৰু সকলোতে ডিজিটেল ব্যৱস্থা গঢ়ি তোলাৰ বাবে হেতা ওপৰা লগাইছিল। কিন্তু এতিয়া বৰ্তমানৰ চৰকাৰ খনে তেনে শ্ল'গান পাহৰি পেলালে।

উদ্যোগ নগৰী বোকাজানৰ মাজমজিয়াত অৱস্থিত ভাৰতীয় ষ্টেট বেংকৰ বোকাজান শাখাত প্ৰায় তিনি-চাৰি মাহৰ পৰা পৰ্যাপ্ত কৰ্মচাৰী নথকাৰ ফলত বোকাজানবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বেংকটোৰ মুখ্য প্ৰবন্ধক গৰাকী স্বাস্থ্যজনিত কাৰণত অনুপস্থিত থকাৰ ফলত ক্ষেত্ৰ বিষয়াগৰাকীয়েই শাখাটোৰ কাম-কাজ চোৱা-চিতা কৰিছিল যদিও তেওঁৰ ক্ষমতাৰ বাহিৰৰ কামবোৰ পিছলৈ বুলি থৈ দিবলগীয়া হৈছিল ৷ 

টকাৰ লেনদেনৰ বাবে পূৰ্বতে তিনিটা কাউন্টাৰত সেৱা চলিছিল যদিও বৰ্তমান এটা কাউন্টাৰহে বেংক কৰ্তৃপক্ষই কাৰ্যক্ষম কৰি ৰাখিছে৷ ইয়াৰ ফলত বোকাজানবাসী ৰাইজ নানান সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে ৷ টকাৰ লেনদেনৰ কাম এটা কাউন্টাৰত হোৱাৰ হেতুকে বেংকত গ্ৰাহকৰ শাৰী লানি নিচিগা হয় ৷ যাৰ ফলস্বৰূপে গ্ৰাহকে হাৰাশাস্তিৰ সন্মুখীন হৈছে ৷ 

প্ৰবন্ধকৰ অনুপস্থিতিত যিগৰাকী বিষয়াই ভাৰপ্ৰাপ্ত দায়িত্ব লৈছে তেওঁৰ কামৰ সীমাবদ্ধতা আছে ৷ বিষয়াগৰাকীয়ে সকলো কাম কৰিবলৈ সক্ষম নোহোৱাত গ্ৰাহকসকলৰ বহু আকাংক্ষিত লোনৰ আবেদনৰ কাম কাজ সমূহো স্থবিৰ হৈ পৰাৰ ফলত গ্ৰাহক ৰাইজ বিভিন্ন সমস্যাৰ সন্মুখীন হবলগীয়া হৈছে ৷ বহু কাম কাজ স্থবিৰ হৈ পৰাৰ ফলত দুৰ দুৰণিৰ পৰা অহা গ্ৰাহকসকলে এটা কামৰ বাবে মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰিবলগীয়া হোৱাৰ বাবে জীয়াতু ভুগিছে ৷ 

অৱশ্যে ৩ জুলাইত উৰ্দ্ধতন কৰ্তৃপক্ষই বেংকটোত এগৰাকী প্ৰবন্ধক নিয়োগ কৰে ৷ আনহাতে পূৰ্বৰ প্ৰবন্ধকৰ অনুপস্থিতিত যিগৰাকী ক্ষেত্ৰ বিষয়াই বেংকৰ দায়িত্ব পালন কৰিছিল সেই বিষয়াগৰাকীক উৰ্দ্ধতন কৰ্তৃপক্ষই অন্য এটা শাখালৈ বদলি কৰে যদিও তেওঁৰ ঠাইত কিন্ত কোনো নতুন বিষয়াক বৰ্তমানলৈকে নিযুক্তি দিয়া নাই ৷ এনে ৰদ বদলৰ পৰাও গ্ৰাহকে নানা সমস্যাৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে ৷ 

এই সমস্যা সমূহৰ বিষয়ে নৱ নিযুক্ত প্ৰবন্ধকগৰাকীৰ পৰা জানিব বিচৰাত কৰ্মচাৰীৰ ৰদ-বদল, নিযুক্তিৰ লগতে বেংকৰ অনন্যা সমস্যা আদি মুম্বাইস্থিত ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ে পৰিচালনা কৰে, ইয়াত শাখা কৰ্তৃপক্ষই কৰিবপৰা একো নাই বুলি তেওঁ জানিবলৈ দিয়ে ৷ বৰ্তমান ইণ্টাৰনেটৰ যুগ আৰু এই ইণ্টাৰনেটৰ যুগৰ লগত সংগতি ৰাখি বেংকৰ সমূহ কাম-কাজ ইন্টাৰনেটৰদ্বাৰা কৰোৱাৰ বাবে কাৰ্যালয় পৰিচালনা কৰাৰ হেতুকে কৰ্মচাৰী কমাই আনিছে বুলি প্ৰবন্ধকগৰাকীয়ে মন্তব্য দিয়াৰ লগতে গ্ৰাহকেও নিজাববীয়াকৈ ইন্টাৰনেটৰ যোগেদি টকাৰ লেনদেন, পাছবুক আপডেট আদি যাৱতীয় কাম-কাজ সমাপন কৰিব বাবে বেংকে সকলো সুবিধা আগবঢ়াইছে বুলি কয়৷ 

কিন্ত ভাৰতীয় ষ্টেট বেংকৰ বোকাজান শাখাই গ্ৰাহকক আগবঢোৱা সেৱা সমূহৰ এখন ওলোটা ছবিহে বোকাজানত দেখিবলৈ পোৱা যায় ৷ মুখ্যতঃ টকাৰ লেনদেনৰ বাবে উদ্যোগ নগৰী বোকাজানত থকা ভাৰতীয় ষ্টেট বেংকৰ বোকাজান শাখাৰ এটিএম সেৱা সমূহ প্ৰায়েই বিকল হৈ থকা পৰিলক্ষিত হয় ৷ বোকাজানত এছবিআইৰ তিনিটা এটিএম সেৱা আৰু এটা টাইম মেচিন আছে যদিও এই এটিএম সেৱা সমূহ বিকল হোৱাটো এতিয়া নিত্য-নৈমত্তিক ঘটনাত পৰিণত হোৱা আৰু বেংক কৰ্তৃপক্ষই এই সেৱা সমূহ সোনকালে  কাৰ্যক্ষম কৰাৰ পৰা ৰহস্যজনকভাৱে বিৰত থকাত গ্ৰাহকসকল একপ্ৰকাৰ বিপাঙত পৰিছে ৷ 

বেংকৰ কাৰ্যালয়ৰ লগতে থকা টাইম মেচিনৰ উপৰি আৱাসিক এলেকাৰ সন্মুখত থকা চিচিআই এটা আৰু বোকাজান বজাৰ অঞ্চলত থকা দুটা এটিএমৰ ভিতৰত প্ৰায়েই যিকোনো এটা এটিএম সেৱাহে কাৰ্যক্ষম হৈ থকাৰ ফলত প্ৰতিদিনে গ্ৰাহক ৰাইজে দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায় ৷ গ্ৰাহকৰ ভিৰৰ বাবে এটিএম সেৱাত টকাৰ নাটনি হোৱাৰ লগতে গ্ৰাহক ৰাইজে সেই একমাত্ৰ এটিএম সেৱাটোও যেতিয়া বিকল অৱস্থাত প্ৰত্যক্ষ কৰিবলগীয়া হয় তেতিয়া তেওঁলোকৰ সমস্যা দুগুণে বাঢ়ে ৷ 

ভাৰতীয় ষ্টেট বেংকৰ মুখ্য কাৰ্যালয়ে শাখা সমূহত কৰ্মচাৰী ৰদ-বদল তথা বিভিন্ন পদ্ধতি যোগে গ্ৰাহকক কাম কৰাৰ সহজ কৰিছে যদিও বোকাজানত সেৱা সমূহ প্ৰায়ে বিকল হৈ পৰি ৰোৱা অৱস্থাই এতিয়া বাৰুকৈয়ে জ্বলাকলা খুৱাইছে বোকাজানবাসীক৷ ভাৰতীয় ষ্টেট বেংকৰ বোকাজান শাখাৰ গ্ৰাহসকলে সমস্যা সমূহৰ পৰা পৰিত্ৰাণ পাবৰ বাবে বেংকৰ উৰ্দ্ধতন কৰ্তৃপক্ষক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ৷