newsnextone.com | কাজিৰঙাঃ নীপকোৱে প্ৰকল্পৰ গেটেৰে এৰি দিয়া পানীয়ে গোলাঘাট জিলাত মহা প্ৰলয়ৰ সৃষ্টি কৰিছিল। জিলা খনৰ নুমলীগড়ত বান পৰিস্থিতিয়ে  ভয়াবহ ৰূপ ধাৰণ কৰিছিল যদিও দেওবাৰে পুৱাৰে পৰা বান পৰিস্থিত ক্ৰমান্বয়ে উন্নত হ'ব ধৰিছে। যোৱা ৬ দিনেই ৰাইজে হাহাকাৰ কৰি দিন পাৰ কৰিব লগা হৈছিল। ওখ ঠাই বিচাৰি, অন্ন-বস্ত্ৰ বিচাৰি হাহাকাৰ কৰিব লগা হৈছে। 

সম্পূৰ্ণ যাতায়ত ব্যৱস্থা বন্ধ কৰি ৰখা হৈছিল। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেৰে তীব্ৰ গতিত পানী বাগৰি থকাত গাড়ী-মটৰৰ চলাচল বন্ধ ৰখা হৈছে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ এফালৰ পৰা খহিব ধৰাত আতংকিত হৈ পৰিছিল। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে খহাই নিছিল ঘাইপথৰ পকী দলঙৰ এটা অংশ। ফলত ২ আগষ্টৰ পৰা ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথতৰ গোলাঘাট জিলাৰ বানৰ কৱলত পৰা অংশত প্ৰশাসনে যান-বাহনৰ চলাচল বন্ধ কৰিছিল।

কিন্তু বান পৰিস্থিতি ক্ৰমান্বয়ে উন্নত হোৱাত বোকাখাত মহকুমা প্ৰশাসনে বানপানীৰ বাবে জাৰি কৰা পথ পৰিৱৰ্তনৰ সকলো নিৰ্দেশ বাতিল কৰে। ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথেৰে সৰু-ডাঙৰ সকলো যানবাহন পূৰ্বৰ দৰে চলাচল কৰিব পাৰিব বুলি জানিবলৈ দিয়ে। আনহাতে ৰাইজৰ দাবীৰ প্ৰতি সেওমানি নীপকোৱে সকলো গে’টৰে এৰা পানী বন্ধ কৰাত ধনশিৰি আৰু দৈয়াং নৈৰ পানী কমি অহাত নুমলীগড়ৰ ডুব যোৱা গাঁও সমূহৰ পানী ক্ৰমে কমি আহে। দুই এটা পৰিয়ালে দেওবাৰে পুৱাই শিবিৰৰ পৰা ঘৰলৈ  যোৱাও পৰিলক্ষিত হয়। লুৰুকিহাত, দুখুটিমুখ, ঢুলীয়া গাঁও, চেঁচামুখ, মিঠাআম, ৰংদৈ অঞ্চলৰ ৰাইজ বানৰ কৱলত পৰিছিল যদিও কেইবাটাও এলেকা এতিয়াও জলবন্দী হৈ আছে।