newsnextone.com | নগাঁওঃ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ অন্যতম ধৰ্মীয় উৎসৱ মহাজলাভিষেকক কেন্দ্ৰ কৰি ৰাজ্য ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে ৷ মহাদেৱ শিৱৰ জন্ম মাহ বুলি হিন্দু ধৰ্মীয় লোকসকলে বিশ্বাস কৰি অহা অসমীয়া বছৰৰ শাওণ মাহৰ প্ৰতিটো দেওবাৰ আৰু সোমবাৰে অনুষ্ঠিত হয় ব’ল ব’ম উৎসৱ৷ 

সমগ্ৰ শাওণ মাহ জুৰি চলা এই উৎসৱৰ পৰম্পৰা অনুসৰি শিৱ ভক্তসকলে দেওঁবাৰে নিশা কোনো নিৰ্দিষ্ট পাহাৰীয়া এলেকাত থকা শিৱ মন্দিৰৰ কাষেৰে পাহাৰৰ পৰা নামি অহা জলধাৰাৰ পৰা পানী সংগ্ৰহ কৰি সেই পানী লগত লৈ গোটেই নিশা পদব্ৰজে আহি অন্য কোনো মন্দিৰত পিছদিনা সোমবাৰে দোকমোকালিতে উপস্থিত হয় আৰু পিছত পৰম ভক্তি ভাবেৰে সেই জল শিৱ লিংগত ঢালি দেৱাদি দেৱ মহাদেৱৰ আৰ্শীবাদ বিচাৰে ৷ 

তদনুযায়ী পূৰ্বৰে পৰা চলি অহা ব’ল ব’মৰ পৰম্পৰা অনুসৰি পানী আনিবলৈ যোৱা হাজাৰ হাজাৰ ভক্তৰ সমাগম ৰাজ্যত দেখা গৈছে। তেনেদৰেই নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ব্যাপক উৎসাহ-উদ্দীপনাৰ সৃষ্টি হৈছে। নিশা জিলাখনৰ ৰেংবেং, চাপানলা, আকাশীগংগা, আমচৈ আদি অঞ্চলৰ পাহাৰৰ দাঁতিতে থকা মন্দিৰসমূহৰ প্ৰাংগণত জনসমুদ্ৰৰ সৃষ্টি হোৱাৰ বিপৰীতে এক উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷

অৱশ্যে এচাম উদণ্ড যুৱকে সম্পূৰ্ণ মুকলিকৈ ভাং আৰু সুৰা সেৱন কৰি কৰা চৰম উদ্ভণ্ডালিয়ে ভক্তসকলক অস্বস্তিত পেলোৱা স্বত্বেও মন্দিৰ প্ৰাংগণত নিয়োজিত আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও জুৰাৰ গুৰুত্বৰ অভিযোগ উঠিছে ৷ 

ইফালে, নিশা পদব্ৰজে পানী লৈ আহি থকা ভক্তসকলক পদপথৰ ঠায়ে ঠায়ে বিভিন্ন স্বেচ্ছাসেৱী আৰু সামাজিক সংগঠন তথা ব্যক্তি বিশেষে নিজা প্ৰচেষ্টাৰে আহাৰ-পানী যোগান ধৰি এক অনন্য পৰিবেশৰ সুচনা কৰে৷ 

জিলাখনৰ সকলো সৰু-বৰ মন্দিৰত নিজৰ মনোবাঞ্চা পূৰণাৰ্থে মহাদেৱক পূজা-অৰ্চনা কৰিবলৈ আৰু শিৱ লিংগত পানী ঢালিবলৈ অহা কণ কণ শিশু-মহিলা-আবাল-বৃদ্ধ-বণিতাৰ উপস্থিতিৰে বিৰ দি বাট নোপোৱা পৰিস্থিতিৰ উদ্ভৱ হয় ৷ কোৱাটো সমীচিন যে, পবিত্ৰ শাওণ মাহৰ সোমবাৰৰ দিনটোত পুৱাতে মন্দিৰত পৰম ভক্তি ভাৱেৰে এভাগ নৈবদ্য আগবঢ়ালে আৰু শিৱ লিংগত পানী  ঢালিলে ভক্তৰ মনোকামনা পূৰণ হয় বুলি থকা লোক বিশ্বাসৰ বাবেই মন্দিৰে মন্দিৰে শিৱক আৰাধনা কৰিবলৈ ভক্তৰ হেতা-ওপৰা লাগে ৷