ডিজিটেল ডেস্কঃ শিশুক যৌন নিৰ্যাতন সন্দৰ্ভত শাস্তি বিহাৰ বাবে থকা পক্সো আইন সংশোধনৰ বাবে চৰকাৰে আধ্যাদেশ আনে যোৱা যোৱা ২১ এপ্ৰিলত৷ কাঠুৱা, উন্নাও কাণ্ডকে ধৰি কেইবাটাও ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাৰ সময়তে কেন্দ্ৰীয় চৰকাৰে শক্তিশালী নতুন আইন ৰূপায়ন আৰু আইন সংশোধন কৰাৰ উদ্দেশ্যে যোৱা ২১ এপ্ৰিলত কেবিনেট বৈঠক অনুষ্ঠিত কৰি এই সিদ্ধান্ত লয় চৰকাৰে৷

তাৰ পিছতে বিভিন্ন পক্ষই চৰকাৰৰ এই সিদ্ধান্তক সমৰ্থন কৰে৷ ১২ বছৰৰ তলৰ কিশোৰীক ধৰ্ষণকাৰীক মৃত্যুদণ্ড দিয়াৰ সিদ্ধান্তক অভিনেত্ৰী অনুষ্কা শৰ্মাই সমৰ্থন কৰে৷ অনুষ্কাই চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰে আৰু কয় কয় যে কোনো শিশুক বলাৎকাৰ কৰা কাৰ্যই মানুহৰ জৰিয়তে কৰা সকলোতকৈ ঘৃণনীয় কাৰ্য৷

ধৰ্ষণ কাণ্ডৰ দোষীক ফাঁচী দিয়াৰ বাবে আধ্যাদেশ আনিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে চৰকাৰে৷ দেশৰ কেইবাটাও নাৰকীয় ধৰ্ষণ কাণ্ডই দেশ কঁপাই থকাত ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি কঠোৰ আইনৰ পোষকতা কৰে৷ তাৰ পিছতে কেবিনেট বৈঠক অনুষ্ঠিত কৰি ধৰ্ষণকাৰীক কঠোৰ শাস্তি বিহাৰ বাবে কঠোৰ আইন অনাৰ পোষকতা কৰে চৰকাৰে৷

এই খবৰ টু দ্যা পইণ্ট জনাটো আপোনাৰ বাবে প্ৰয়োজনীয়, জানক কেবিনেটৰ সিদ্ধান্ত টু দ্যা পইণ্ট

♦ধৰ্ষণৰ ন্যুনতম শাস্তি ৭ বছৰৰ পৰা ১০ বছৰ কৰা হয়৷ সৰ্বোচ্চ যাৱজ্জীৱন কাৰাদণ্ড৷
♦১৬ বছৰৰ কম বয়সৰ কিশোৰীক ধৰ্ষণকাৰীৰ শাস্তি ১০ বছৰৰ পৰা ২০ বছৰ কৰা হয়৷ সৰ্বােচ্চ মৃত্যুদণ্ড নতুবা ♦মৃত্যু পৰ্যন্ত কাৰাবাস৷
♦১৬ বছৰতকৈ কম বয়সৰ কিশোৰীক গণ ধৰ্ষণৰ শাস্তি মৃত্যু পৰ্যন্ত কাৰাবাস৷
♦১২ বছৰতকৈ কম বয়সৰ কিশোৰীক ধৰ্ষণ কৰিলে ন্যুনতম শাস্তি ২০ বছৰ৷ সৰ্বোচ্চ মৃত্যুদণ্ড নতুবা মৃত্যু পৰ্যন্ত কাৰাবাস৷
♦১২ বছৰৰ কম কিশোৰীক গণ ধৰ্ষণ কৰিলে মৃত্যু পৰ্যন্ত কাৰাবাস নতুবা মৃত্যুদণ্ড৷
♦২ মাহৰ ভিতৰত ধৰ্ষণৰ গোচৰৰ সমাপ্ত কৰাৰ বাবে নতুন আইনত নিয়ম সংলগ্ন কৰা হ’ব৷
♦চাৰ্জশ্বিট দাখিল কৰাৰ পিছত ২ মাহৰ ভিতৰত গোচৰৰ শুনানি শেষ কৰিব লাগিব৷
♦নতুনকৈ আবেদন কৰাৰ বাবে ৬ মাহ সময় দিয়া হ’ব৷ 
♦১৬ বছৰতকৈ কম বয়সৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্তই আগতীয়া জামিন পোৱাটো টান হ’ব৷
♦১৬ বছৰতকৈ কম বয়সৰ কিশোৰী ধৰ্ষণ কাণ্ডৰ অভিযুক্তই আগতীয়া জামিনৰ বাবে ধৰ্ষণৰ অভিযোগ ♦উত্থাপন কৰা পক্ষৰ অধিবক্তাক ১৫ দিন পূৰ্বে পত্ৰ দিব লাগিব৷
♦ফাষ্ট ট্ৰেক আদালত গঠন হ’ব সমগ্ৰ ৰাজ্যত৷
♦চৰকাৰী অধিবক্তাৰ নতুন পদ সৃষ্টি কৰা হ’ব৷
♦চিকিৎসালয়-আৰক্ষী থানাত ফৰেণচিক পৰীক্ষা কৰাৰ প্ৰয়োজনীয় সামগ্ৰী থকাটো বাধ্যতামূলক৷
♦ধৰ্ষণৰ গোচৰৰ তদন্তৰ বাবে বিশেষ দল গঠন হ’ব৷
♦এই গোচৰৰ অভিযুক্তৰ নাম সাঙুৰ খালে নাম থাকিব নেচনেল ক্ৰাইম ৰেকৰ্ডত৷

কেন্দ্ৰীয় চৰকাৰে শিশু ধৰ্ষণকাৰীক শাস্তি দিয়াৰ বাবে আইন ৰূপায়ন কৰাৰ বাবে প্ৰস্তুতি চলাই আহিছিল পূৰ্বৰ পৰাই। শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে শীৰ্ষ আদালত উচ্চতম ন্যায়ালয়ত এখন পত্ৰ প্ৰেৰণ কৰি এই কথা অৱগত কৰে। পক্সো আইন সংশোধন কৰাৰো প্ৰস্তুতি চলাব বুলি আদালতক অৱগত কৰিছিল। ইতিমধ্যে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে মঞ্জুৰি দিয়ে চৰকাৰৰ সিদ্ধান্তক৷