newsnextone.com | বৰপেটাঃ ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ সময়তে নামনি অসমত বোমা বিস্ফোৰণ হোৱাৰ খবৰ আহিছে। এনআৰচিৰ খচৰা প্ৰকাশক লৈ অসমত তীব্ৰ প্ৰতিক্ৰিয়া আৰু স্বাধীনতাৰ দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত নামনি অসমত বোমা বিস্ফোৰণ হোৱাৰ খবৰ আহিছে।

বৰপেটা জিলাৰ সৰভোগৰ ৰে’ল কলনীত বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বাজি ৪৫ মিনিটত কান তাল মৰা শব্দ ওলোৱাত হুৱা-দুৱা লাগে। শব্দ ওলোৱাৰ পিছতে কত কি হৈছিল গম পোৱা নাছিল যদিও কিছু সময়ৰ পিছতহে ওৰহিৰ ওৰ ওলায়। 

এঘৰ লোকৰ বাসগৃহৰ সমীপত বিস্ফোৰণ হোৱা বুলি ৰাইজে অৱগত হয়। বিস্ফোৰণত হিমাংশু দাস নামৰ এজন লোক হতাহত হোৱাৰ লগতে দুখন গাড়ীৰ কিছু ক্ষতি হয়। ইতিমধ্যে আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। আৰক্ষীয়ে প্ৰকৃত তথ্য এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে আইইডি হ'ব পাৰে বুলি সন্দেহ কৰে।অসম আৰক্ষীয়ে চৌদিশে নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ সময়তে এই ঘটনাই জিলা খনত শংকতি কৰি তুলিছে ৰাইজক।