newsnextone.com | ডিজিটেল ডেস্কঃ শনিবাৰে জয়পুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জনসভাত বিস্ফোৰমো ঘটোৱাৰ ভাবুকি দিয়া এজন ব্যক্তিক আৰক্ষীয়ে আটক কৰিছে৷

উল্লেখ্য যে, জয়পুৰত মোডীৰ জনসভা চলি থকা সময়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৗাৰ ৰাজে সিন্ধিয়াৰ বিশেষ দেহৰক্ষী বিষয়াই এটা ফোন কল প্ৰাপ্ত কৰে৷ এজন অজ্ঞাত ব্যক্তিয়ে দেহৰক্ষী বিষয়াগৰাকীৰ ফোনত কয় যে তেওঁ মোডী উপস্থিত থকা সভাস্থলীত এটা বোমা পুতি ৰাখিছে৷ যিটো কিছু সময় পিছতে বিস্ফোৰণ ঘটিব৷ পিছত দেহৰক্ষী বিষয়াই ফোন কলৰ আঁত ধৰি অভিযুক্ত লোকজনক আটক কৰিবলৈ সক্ষম হয়৷  

অভিযুক্তক আটক কৰি লোকজন কিছু পৰিমাণে মানসিকভাৱে বিকাৰগ্ৰস্থ বুলি প্ৰাথমিক তদন্তৰ পিছতে াৰক্ষী নিশ্চিত হয়৷ 

প্রাথমিক তদন্তের পর পুলিশ জানতে পারে, কোনও কারণে অভিযুক্ত মানসিক ভাবে বিপর্যস্ত। 

উল্লেখ্য যে, শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাজস্থানত মুঠ ২১০০ কোটি টকাৰ পানী যোগান, পথ নিৰ্মাণ সহ মুঠ ১৩টা প্ৰকল্প উদ্ধোধন কৰে৷ প্ৰকল্প উদ্ধোধন কৰি জয়পুৰৰ এখন জনসভাত অংশ লৈ মোডীয়ে কয়, ‘আমি কি কৰি আছো, সেয়া বহুতেই ভালকৈ বিচাৰ নকৰে৷ কিন্তু বিজেপিয়ে যে সদায় বিকাশৰ বাবেই কাম কৰি আহিছে সেয়া জনতাই বিশ্বাস কৰে৷’