ৰঙিয়াঃ শুকুৰবাৰে কামৰূপৰ ৰঙিয়া প্ৰেছ ক্লাৱত লেখক ফণীধৰ নাথৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়৷ ‘জীৱনৰ আদৰ্শ আৰু এখোজ’ আৰু  ‘মই পংকজ নহয় অজয়হে’ শীৰ্ষক গ্ৰন্থ দুখন উন্মোচন কৰা হয়৷ সাংবাদিক মুস্তাফা কামাল আহমেদে আঁত ধৰা এখন বিশেষ সভাত শিক্ষাবিদ ড০ পাৰ্থ ফুকন মহন্ত, লেখক আনন্দ দেৱগোস্বামী আৰু পবিত্ৰ কুমাৰ কলিতাই গ্ৰন্থ দুখন উন্মোচন কৰে৷

গ্ৰন্থ উন্মোচনী সভাত ভাষণ দি ড০ পাৰ্থ ফুকন মহন্তই গ্ৰন্থৰ উন্মোচনে সমাজৰ মংগলময় দিনৰ বাট মুকলি কৰে বুলি কয়৷ গ্ৰন্থই মানুহৰ মনৰ পৰিধি বিশাল কৰি তোলে বুলিও কয়৷ অনুষ্ঠানত লেখক পবিত্ৰ কুমাৰ কলিতাই যি বিষয়ৰে গ্ৰন্থ নহওক কিয় মুঠৰ ওপৰত গ্ৰন্থৰ প্ৰকাশে একো একোটা জাকিৰ সভ্যতাৰ বাট মুকলি কৰে বুলি কৈ মানুহৰ মহৎ চিন্তাৰ বহিঃপ্ৰকাশ ঘটে বুলি কয়৷

লেখক আনন্দ দেৱগোস্বামীয়ে নিজৰ জীৱনৰ পৰিক্ৰমা ব্যাখ্যা কৰাৰ লগতে সকলোকে গ্ৰন্থ পঢ়াৰ অভ্যাস গঢ়ি তোলাৰ বাবে আহ্বান জনায়৷ পেছাত শিক্ষক ফণীধৰ নাথে ইয়াৰ পূৰ্বে চাৰিখন গ্ৰন্থ প্ৰকাশ কৰি সাহিত্য জগতত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে৷