কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ গোসাঁইগাওঁ থানাৰ ২ নম্বৰ ভোমৰাবিল গাঁৱত কালি জাহিদুল ইছলাম নামৰ ১০ বছৰীয়া ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত আৰক্ষীয়ে উক্ত হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত মৃতকৰ সম্বন্ধীয় ককায়েকক যোৱা নিশাই আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

একেখন গাঁৱৰ বাসিন্দা তথা মৃত শিশুটিৰ বৰদেউতা শুকুৰ আলীৰ পুত্ৰ ৰফিকুল ইছলাম ওৰফে হাফেজ(২৩) ক আটক কৰি আৰক্ষীয়ে সোধপোছ কৰাত হত্যাৰ অন্তৰালৰ ৰহস্য পোহৰলৈ আহিছে। আৰক্ষী সূত্ৰই সদৰী কৰা অনুসৰি মাটি-বাৰী সংক্ৰান্ত কাজিয়াৰ পৰিণতিত নিজৰ খুড়া মনছেৰ আলী শ্বেখৰ দহ বছৰীয়া ল'ৰা জাহিদুল ইছলামক নৃশংসভাৱে হত্যা কৰি মৃতদেহটো পৰিত্যাক্ত স্থানত লুকুৱাই ৰাখিছিল ৰফিকুল ইছলামে।

উল্লেখ্য যে মৃতকৰ পিতৃয়ে বসবাস কৰা মাটিডোখৰক লৈ দুয়োটা পৰিয়ালৰ মাজত দীৰ্ঘদিনৰ পৰা বিবাদ চলি আছিল। শেহতীয়াকৈ ৪-৫ দিন আগত ৰফিকুলে নিজৰ খুড়া তথা মৃতকৰ পিতৃক মাটি ডোখৰৰ পৰা গুচি যাবলৈ ভাবুকি প্ৰদান কৰে, অন্যথাই সকলোকে হত্যা কৰিব বুলিও সকীয়নি দিছিল।

উক্ত ভাবুকিৰ পাছতে খুড়াকৰ পুত্ৰক নৃশংসভাবে হত্যা কৰি মৃতদেহটো এটি কাৰ্লভাটৰ তলত লুকুৱাই ৰাখে ৰফিকুল ইছলামে। কালি মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত এয়া পৰিকল্পিত হত্যাকাণ্ড বুলি পৰিয়ালৰ লোকসকলে নিশ্চিত হয়। পাছত নিহত শিশুটিৰ পিতৃয়ে গোসাঁইগাঁও থানাত ৰফিকুল ইছলামৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে।আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিয়ে হত্যাকাৰীজনক কৰায়ত্ত কৰাত নিহতৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।