photo by NNO Rangia
photo by NNO Rangia

ৰঙিয়াঃ ৰঙিয়াৰ তুলসীবাৰীত অঘটন। মেকুৰীৰ কামোৰত এজন ছাত্ৰৰ মৃত্যু। জানিব পৰামতে ৰঙিয়া চহৰৰ সমীপৰ তুলসীবাৰী পাল বস্তিৰ পৰিমল পালৰ পুত্ৰ তথা তুলসীবাৰী বহুমুখী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰ উজ্জ্বল পালক তিনিমাহ পূৰ্বে তেওঁৰ নিজ ঘৰতে মেকুৰীয়ে কামুৰিছিল। 

মেকুৰীয়ে কামোৰাৰ পিছত পৰিয়ালে চিকিৎসকৰ চিকিৎসা লোৱাৰ পৰিৱৰ্তে কবিৰাজৰ দ্বাৰা চিকিৎসা কৰে। কিন্তু লাহে লাহে কিশোৰটি অসুস্থ হোৱাত বৃহস্পতিবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ নিয়ে। 

কিন্তু চিকিৎসকে কিশোৰজনৰ স্বাস্থ্যৰ অৱস্থা দেখি চিকিৎসা অসম্ভৱ বুলি বুলি কৈ ঘৰলৈ আনিবলৈ কয় যদিও পৰিয়ালৰ লোকে তেওঁক কালাপাহাৰৰ এখন চিকিৎসালয়ত ভৰ্ত্তি কৰায়। 

উক্ত চিকিৎসালয়খনেও হাত দাঙি দিয়াত যোৱা নিশা পৰিয়ালৰ লোকে ঘৰলৈ আনে যদিও আজি ছাত্ৰজনে কৰুণ মৃত্যুক সাৱতি লয়। কিশোৰ জনে এনেদৰে মৃত্যুক সাৱতি লোৱাত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।