photo by Ashiqur Rahman
photo by Ashiqur Rahman

চৰাইদেউঃ এজন মেধাৱী ছাত্ৰ। সপ্তম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰজন কেইবছৰমান পূৰ্বে এটি দুৰ্ঘটনাত পতিত হৈছিল। পেটত পৰিছিল তিনিটা চিলাই।

সেয়াই কাল হ’ল ছাত্ৰজনৰ বাবে৷ চিলাই কৰা স্থানৰ পৰা সংক্ৰমিত হৈ বৰ্তমান সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে ছাত্ৰজনৰ লিভাৰ। চিকিৎসাৰ বাবে খৰচ হ'ব প্ৰায় তিনি লাখ টকা।

শুনি মূৰত আকাশ ভাঙি পৰিছে পৰিয়ালটোৰ। সপ্তম শ্ৰেণীত অধ্যয়নৰত এম ই বৃত্তি লাভ কৰা ১৩ বছৰীয়া আছিফ আলীয়ে এতিয়া যুঁজিছে মৃত্যুৰ স’তে।

অস্ত্ৰোপচাৰৰ জৰিয়তে ছাত্ৰজনৰ লিভাৰৰ এটা অংশ কাটি উলিয়াই নিদিলে ছাত্ৰজনৰ প্ৰাণৰক্ষা নপৰিব বুলি জনাইছে চিকিৎসকে। বৰ্তমান ছাত্ৰজনৰ শৰীৰত তেজৰ পৰিমাণ কম হোৱাত বাহিৰৰ পৰা তেজ দি থকাৰ পিছতো ২৪ ঘণ্টাৰ ভিতৰতে পুনৰ নাইকিয়া হৈ পৰে।

এনে পৰিস্থিতিত অসহায় হৈ পৰিছে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া পিতৃ শ্বাহাদৎ আলী।ভিন্নজনৰ ওচৰত হাত পাতিও চিকিৎসাৰ বাবে ধন গোটাব পৰা নাই পৰিয়ালটোৱে।

উপায়ান্তৰ হৈ দৰিদ্ৰ পৰিয়ালটোৱে সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজক আহ্বান জনাইছে সহায়ৰ বাবে। মেধাৱী ছাত্ৰ আছিফ আলীৰ জীৱন ৰক্ষাৰ বাবে চৰকাৰৰ তৰফৰ পৰাও পৰিয়ালটোৱে বিচাৰিছে আৰ্থিক সহায়।