লালুকঃ লখিমপুৰ জিলাৰ বঙালমৰাৰ এটি সাত বছৰীয়া শিশু৷ সুদীৰ্ঘ ১৫ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱাৰ পিছত আকস্মিকভাৱে স্বগৃহত উপস্থিত হোৱাত পৰিয়ালৰ মাজত হুৱা-দুৱা লাগে৷

জানিব পৰা মতে লখিমপুৰ জিলাৰ বঙলমৰাৰ আব্দুল ছুভান নামৰ লোকজনৰ পুত্ৰ বিল্লাল হুছেইনক ১৫ বছৰ পূৰ্বে হাৰমতী ডনবস্ক স্কুলৰ পৰা ওভতাৰ সময়ত কোনো দুৰ্বৃত্তই অপহৰণ কৰে৷ ঘটনা সম্পৰ্কত পৰিয়ালে আৰক্ষীক অৱগত কৰিছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল৷

এক দীঘলীয়া সময়ৰ পিছত অান লোকৰ সহায়ত বিল্লাল স্বগৃহত উপস্থিত হোৱাত স্থানীয় ৰাইজে আব্দুল ছুভানৰ গৃহত ভিৰ কৰে৷ বিল্লাল হুছেইনে জনোৱা মতে বিগত ১৫ বছৰে অৰুণাচল প্ৰদেশৰ কোনো দুৰ্গম স্থানত বনকৰা ল’ৰা হিচাপে আছিল৷

মালিকৰ অকথ্য নিৰ্যাতনৰ বলি হোৱা বিল্লালে কেইদিনমান পূৰ্বে হেৰোৱা মেঠোন বিচৰাৰ ছলেৰে উক্ত স্থানৰ পৰা পলাবলৈ সক্ষম হয়৷ প্ৰায় সাত দিন হাবি-জংঘলৰ মাজেৰে খোজকাঢ়ি আহি বিহপুৰীয়াৰ মৰনৈৰ গেজিঙত উপস্থিত হয়৷ পিছত চিদ্দিক আলী নামৰ লোকজনৰ সহায়ত বিল্লাল নিজৰ ঘৰত উপস্থিত হয় যদিও ১৫ বছৰে নেদেখাকৈ থকা পিতৃ-মাতৃক চিনাক্ত কৰাত অসুবিধাৰ সন্মুখীন হয়।

ইফালে সুদীৰ্ঘ সময়ৰ অন্তত ঘৰৰ ল'ৰা ঘৰলৈ উভতি অহাত আনন্দিত হৈ পৰিছে বঙালমৰাৰ উক্ত পৰিয়ালটো।