ডিজিটেল ডেস্কঃ প্ৰেম নিবেদন কৰাতো সকলোৰ বাবেই এক মধুৰতম মুহুৰ্ত৷ পিছে প্ৰেম নিবেদন কৰোতে এতিয়া যুৱকসকল সাৱধান হ'বৰ হ'ল। নহ'লে কেতিয়া গৈ জেলত সোমাবলগীয়া হয় তাৰ কোনো ঠিকনা নাই।

শেহতীয়াকৈ এনে এক ঘটনা সংঘটিত হৈছে মুম্বাইত। ভাল লগা এগৰাকী যুৱতীক আই লাভ ইউ বুলি কৈ জেললৈ যাবলগীয়া হৈছে প্ৰেম প্ৰত্যাশী এজন যুৱক৷  ১৬ বছৰীয়া এগৰাকী ছাত্ৰীক প্ৰেম নিবেদন কৰি জেললৈ যোৱা এই যুৱকজনৰ বয়স ২২ বছৰ বুলি জানিব পৰা গৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি ২০১৫বৰ্ষৰ ৬ অক্টোবৰত মহাবিদ্যালয়ৰ পৰা উভতাৰ পথত কিশোৰীগৰাকীক প্ৰেম নিবেদন কৰিছিল যুৱকজনে৷ প্ৰেম নিবেদন কৰিবলৈ গৈ যুৱতীগৰাকীৰ হাতত ধৰি ’আই লাভ ইউ’ বুলি কৈছিল যুৱকজনে৷

উক্ত ঘটনাৰ পিছত শংকিত হৈ কেইবাদিনলৈ মহাবিদ্যালয় অহা বন্ধ কৰে ছাত্ৰীগৰাকী৷ ঘটনাৰ ২ দিন পিছত এক অশালীন প্ৰস্তাৱ দিয়াৰ অভিযোগ তুলি এটি গোচৰ ৰুজু কৰে ছাত্ৰীগৰাকীৰ পৰিয়ালে৷

২০১৫ত উক্ত অপৰাধৰ বাবে ১ বছৰ জেলত থাকিবলগীয়া হয় যুৱকজন৷ পিছত জামিনযোগে মুক্তি পালেও আৰু কেইবামাহো জেল খাটিব লাগিব যুৱকজনে৷