কোকৰাঝাৰঃ বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাত এগৰাকী বিপিএফ নেতাই চোৰাং কাঠ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়াৰ লগতে গুণ্ডাগিৰি কৰা বুলি অাক্ৰাছুৱে অভিযোগ উত্থাপন কৰাত চাঞ্চল্যৰ সৃষ্টি হৈছে। চোৰাং কাঠ সৰবৰাহকাৰীক ৰক্ষণাবেক্ষণ দিয়া বিপিএফৰ উক্ত নেতাগৰাকী দিলদাৰ অালী বুলি অাক্ৰাছুৱে সদৰী কৰিছে।

• চোৰাং কাঠ সৰবৰাহকাৰীক বিপিএফৰ নেতাই ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ অাক্ৰাছুৰ

অাজি সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত অাক্ৰাছুৰ কোকৰাঝাৰ জিলা সমিতিৰ সম্পাদক কংকন ৰায় আৰু প্ৰচাৰ সচিব জীৱেশ ৰায়ে উল্লেখ কৰা মতে কেইদিনমান পূৰ্বে জিলাখনৰ চিথিলা মাজেৰগাঁও পথেৰে ঠেলাভৰ্তি চোৰাং কাঠ সৰবৰাহ হোৱা প্ৰত্যক্ষ কৰি স্থানীয় যুৱক অতুল চন্দ্ৰ বৰ্মন সহিতে কেইজনমান যুৱকে চোৰাং কাঠ সৰবৰাহকাৰীক অাগুচি ধৰি সোধপোছ কৰে।

ইয়াতেই খৰ্গহস্ত হৈ চোৰাংকাঠ সৰবৰাহকাৰীসকলে ঘটনাটো স্থানীয় বিপিএফ নেতা দিলদাৰ অালীক অৱগত কৰাত কিছুসময়ৰ ভিতৰতে দিলদাৰ অালী সাংগোপাংগো লৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় যুৱক অতুল চন্দ্ৰ বৰ্মনক বেয়াকৈ প্ৰহাৰ কৰে। 

চোৰাং কাঠ সৰবৰাহত বাধা প্ৰদান কৰা বাবেই দিলদাৰ অালীৰ দৰে বিপিএফৰ নেতাই স্থানীয় যুৱকক প্ৰহাৰ কৰাত অাক্ৰাছু ক্ষুব্ধ হৈ পৰিছে অাৰু ঘটনাটোক গৰিহনা দি দোষীৰ শাস্তিৰ দাবী উত্থাপন কৰিছে । তদুপৰি বনমন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মৰ গৃহ জিলাতে চোৰাং কাঠৰ ৰমৰমীয়া বেহা অাৰু চোৰাংকাৰবাৰীক বিপিএফৰ নেতাই ৰক্ষণাবেক্ষণ দিয়া কাৰ্য অতি চিন্তনীয় বিষয় বুলি অাক্ৰাছুৱে বিবৃতিটোত উল্লেখ কৰিছে ।