ছিপাঝাৰঃ কৰ্কট ৰোগ মানেই বহুতৰ বাবে আতংক। এই ৰোগৰ চিকিৎসা যথেষ্ট ব্যায়বহুল। দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ বাবে এই ৰোগৰ চিকিৎসা অসম্ভৱ! এই ৰোগত আক্ৰান্ত হোৱা ব্যক্তিজন এই পৃথিৱীৰ পৰা বিদায় লোৱাৰ দিন সমাগত আদি বিভিন্ন নেতিবাচক ধাৰণা সমাজৰ বহু লোকৰ মাজত বৰ্তি আছে।

আনকি বহু নেতিবাচক চিন্তাই কৰ্কট ৰোগত আক্ৰান্ত ৰোগীক এনেদৰে ক্ৰিয়া কৰে যে¸ তেনে ব্যক্তিয়ে মানসিকভাবে ভাগি পৰে¸ যাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা হ্ৰাস পাই। কিন্ত ইয়াৰ বিপৰীতে এনে ব্যক্তিও আছে যিয়ে কেৱল প্ৰবল মানসিক শক্তিৰে কৰ্কট ৰোগৰ দৰে ব্যাধিকো নেওচি সৃষ্টিৰ পথত আগুৱাই গৈছে।

জীৱনযুজঁত বাৰাম্বাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পিচতো হাৰ নামানি আগবঢ়া তেনে এগৰাকীৰ নাম হৈছে ৰোহিনী ডেকা। দৰং জিলাৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভেৰুৱা গাঁৱৰ যুৱতী ৩৮ বছৰীয়া ৰোহিনীয়ে বিগত ২৭ বছৰে চাহ দোকান এখনেৰে ঘৰ চলাইছিল¸ বৃৃদ্ধ ৰুগীয়া পিতৃৃক শুশ্ৰূষা কৰিছিল। কিন্তু ২০১৬ চনৰ আৰম্ভণিতে কৰ্কট ৰোগত আক্ৰান্ত হোৱা দু-সংবাদে যুৱতীগৰাকীক স্তম্ভিত কৰিলে। তথাপিও মানসিকভাবে ভাগি নপৰি চিকিৎসাৰ ব্যয়ৰ কাৰণে নিজৰ স্বাৱলম্বিতাৰ পথ নিজেই বাচি ললে।

যুৱতীগৰাকীয়ে “ইনাৰ ভিজন” নামৰ স্বেচ্ছাসেৱী সংস্থা এটাৰ নেতৃৃত্বত পেলনীয়া পানী মেটেকাৰে বিভিন্ন সামগ্ৰী নিৰ্মাণ কাৰ্যত আত্মনিয়োগ কৰে। যুৱতীগৰাকীয়ে “ইনাৰ ভিজন”ৰ সহযোগত লাভ কৰে উপাৰ্জনৰ পথ আৰু এখন নতুন সমাজ।

যুৱতীগৰাকীয়ে ঘৰতে বৰ্তমান নিৰ্মাণ কৰিবলৈ লৈছে পানী মেটেকাৰ বেগ¸ টুপী¸ বস্ক¸ পেন ষ্টেন¸ জুৱেলাৰীৰ সামগ্ৰীকে আদি কৰি একাধিক বয়-বস্তু। সেই সামগ্ৰীসমূহ বিক্ৰী কৰি পোৱা উপাৰ্জনৰ ধনেৰে নিজৰ চিকিৎসাৰ ব্যয় আৰু ঘৰ চলাই  নতুন উদ্যমেৰে জীৱন আগবঢ়াই লৈ গৈছে ৰোহিণীয়ে।

নিজৰ চিকিৎসাৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় নোপোৱা ৰোহিনীয়ে এতিয়া চৰকাৰক মাত্ৰ এটাই অনুৰোধ জনাইছে যাতে তেওঁ নিজ হাতে তৈয়াৰ কৰা পানী মেটেকাৰ সামগ্ৰীসমূহ সহজে বিক্ৰী কৰাৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়ায়।