ডিজিটেল ডেস্কঃ প্ৰাপ্যৰ বাবে কৰ্মচাৰী তথা শিক্ষাৰ্থীয়ে ধৰ্ণা দিয়া এক আমাৰ দেশত চিনাকী দৃশ্যলৈ পৰিৱৰ্তিত হৈছে৷ কিন্তু বিয়াৰ সাজেৰে ধৰ্ণা দিয়া কইনা আপুনি দেখিছেনে? এনেই এক ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত৷

বেয়া পথৰ বাবেই বুধবাৰে বিয়াৰ দিনা বৰযাত্ৰী উপস্থিত হ’ব নোৱাৰিলে কইনাৰ ঘৰত৷ পিছত কইনাৰ ঘৰৰ পৰা প্ৰায় ৪ কি মি দুৰৰ বেলেগ গাৱঁত সম্পন্ন হয় বিয়া৷

গাড়ীৰ পৰিৱৰ্তে চাইকেলেৰে গৈ বৰযাত্ৰী বিয়াৰ মণ্ডপত উপস্থিত হয়৷ পথৰ এনে দুৰৱস্থাত ক্ষোভিত হৈ দৰা কইনা দুয়ো উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে৷ অৱশ্যে উপায়ুক্তৰ আশ্বাসত সৈমান হয় দৰা কইনা৷