প্ৰতিকী ফটো
প্ৰতিকী ফটো

ডিজিটেল ডেস্কঃ গহনা-গাথৰি লৈ বিয়াৰ দিনা কইনা উধাও হোৱা নিশ্চয় শুনিছে। কিন্তু যৌতুক লৈ গাৰ্লফ্ৰেণ্ডৰ লগত পলোৱা দৰা খুব কমেইহে দেখিছে। এনেই এক ঘটনা ঘটিছে বিহাৰৰ গয়া জিলাত। ফলত মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে কইনাৰ পৰিয়ালে।

পাটনাৰপৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ গয়া জিলাৰ গেৱালবিঘাৰ অঞ্চলৰ ৰজন কুমাৰ নামৰ যুৱকজনৰ বিয়াৰ বাবে পালন কৰা হৈছিল বিয়াৰ পূৰ্বৰ তিলক বিধি।

এই তিলক বিধিতে যুৱকজনক কইনাপক্ষৰ ফালৰপৰা দিয়া হৈছিল ৩ লাখ টকা। লগতে দিয়া হৈছিল সোণ-ৰূপ। যোৱা ১৪ এপ্ৰিলত ধুম-ধামেৰে পতা হৈছিল ৰজনৰ তিলক বিধি।

কিন্তু বিয়াৰ দিনা কাহিলিপুৱাতে গাৰ্লফ্ৰেণ্ডৰ লগত ঘৰৰপৰা উধাও হ’ল ৰজন। লগত লৈ গ’ল কইনাপক্ষৰপৰা যৌতুক স্বৰূপে দিয়া ৩ লাখ টকা আৰু সোণ-ৰূপ।

ঘটনাৰ খবৰ পায়েই কইনাৰ পৰিয়াল ততালিকে আহি দৰাৰ ঘৰত পুৱাই উপস্থিত হয়হি। মূৰে-কপালে হাত দি বহি থকা পলাতক দৰাৰ মাতৃয়ে কয় যে মাহ-হালধি সনা দৰা এনেদৰে যে পলাই যাব, তেঁওলোকে ঘূণাক্ষৰেও ভাবিব পৰা নাছিল।

অৱশ্যে পুত্ৰৰ 'লাভ এফেয়াৰ’ৰ বিষয়ে অৱগত আছিল বুলি স্বীকাৰ কৰে মাতৃ কিৰণ দেবী। এই কথা জানিব পাৰি কইনাৰ পৰিয়ালে খঙত একোনাই হৈ গালি-শপনি পাৰি শেষত সমীপৱৰ্তী আৰক্ষী থানাত ৰজন কুমাৰ আৰু পৰিয়ালবৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে।

থানাৰ অধীক্ষক হৰি ওজাৰ ভাষ্যমতে কইনা পক্ষই এজাহাৰ দাখিল কৰাৰ খবৰ পায়েই ৰজনৰ পৰিয়ালেও হেনো চহৰ এৰি পলাইছে।