গোৱালপাৰাঃ বিজেপি, অগপ আৰু বিপিএফৰ মিত্ৰজোঁটে নিৰ্বাচনৰ পূৰ্বে দিয়া উন্নয়নৰ শ্ল’গান যেন শ্ল’গান হৈয়ে থাকিল। দিচপুৰৰ শাসন ভাৰ দখল কৰাৰ পিছত ৰাজ্যৰ গ্ৰাম্য অঞ্চলক হেমাহি কৰাৰ অভিযোগ উত্থাপিত হৈছে চৰকাৰৰ খনৰ বিৰুদ্ধে৷ যাৰ ফলত জীয়াতু ভূগিব লগা হৈছে ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ ৰাইজ৷ বাঁট, পথ দলঙে জীয়াতু ভোগাইছে শ-শ লোকক৷

শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়ত কৰা বাঁট পথে ভয়াবহ সমস্যাত পেলায় যদিও চৰকাৰৰ ভ্ৰুক্ষেপ নাই৷ পথ-দলঙৰ দুৰাৱস্থাৰ বাবে ছাত্ৰ-ছাত্ৰীৰ লগতে ৰাইজে যমৰ-যাতনা ভোগ কৰিব লগা হৈছে৷ ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ হাজাৰ হাজাৰ লোকে বাঁট-পথৰ বাবে দুৰ্ভোগৰ সীমা নহোৱা হৈছে। কৃষক, ব্যৱসায়ীয়ে বজাৰলৈ সামগ্ৰী বিক্ৰী কৰিবলৈ আনিব লগা হোৱাৰ ক্ষেত্ৰত অধিক ধন আৰু কষ্ট ভোগ কৰিব লগা হৈছে।

ৰোগীক চিকিৎসালয়লৈ আনিব লগা হ'লে ৰোগীৰ অৱস্থা বেয়া হয় কেৱল বাঁট, পথৰ বাবে। বিশেষকৈ এখন বাঁহৰ দলঙে জীয়াতু ভোগাইছে শ-শ লোকক৷ শ-শ ছাত্ৰ-ছাত্ৰী, শিক্ষক, সাধাৰণ ৰাইজে দৈনিক যাতায়তৰ বাবে বাঁহৰ দলং খন ব্যৱহাৰ কৰি আহিছে৷ বিখ্যাত বাঁহৰ দলং খন আছে গোৱালপাৰাৰ বগুৱানৰ কঠালবাৰীত৷ বাহৰ দলঙেৰে বিপদসংকুল যাতায়ত অব্যাহত আছে ৰাইজৰ৷ গোৱালপাৰা জিলাত আজিও বহু জৰাজীৰ্ণ কাঠৰ আৰু বাহৰ দলঙৰ শ-শ লোকে বিপদ সংকুল যাতায়ত কৰিবলগীয়া হৈছে৷

গোৱালপাৰা জিলাৰ গোৱালপাৰা পূৱ সমষ্টি-দুধনৈ সমষ্টিৰ সীমান্তৰ দুধনৈৰ বগুৱান-কঠালবাৰী সংযোগী পথত এখন বাঁহৰ দলঙেই ৰাইজৰ যাতায়তৰ একমাত্ৰ ভৰষা হৈ পৰিছে। গাঁঠিৰ ধন ভাঙি স্থানীয় ৰাইজে নিজে সাঁজি লোৱা বাহৰ দলংখনেৰে নিতৌ হাজাৰ হাজাৰ লোক আহ-যাহ কৰে যদিও সংখ্যালঘু দৰদী মন্ত্ৰী-বিধায়কৰ খবৰ লবলৈ আহৰি নাই৷

দলং খন নিৰ্মাণ কৰাৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও প্ৰশাসন তথা বিধায়কে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ জাতি-মাটি আৰু ভেটিৰ কথা কোৱা চৰকাৰে গ্ৰাম্য অঞ্চলৰ পথ-দলং উন্নয়ন কৰাৰ শ্ল’গানেৰে সাফল্যৰ ফটা ঢোল বজাই আহিছে যদিও প্ৰকৃততে গ্ৰাম্য অঞ্চলৰ উন্নয়ন সাধন কৰিব নোৱাৰা বুলি অভিযোগ উত্থাপন হৈছে৷ ৰাইজে জিলা উপায়ুক্ত তথা জনপ্ৰতিনিধিক বাৰিষাৰ পূৰ্বেই দলংখন নিৰ্মাণ কৰাৰ দাবী জনায়৷