newsnextone.com | ডিজিটেল ডেস্কঃ মায়াবতীৰ দল বহুজন সমাজবাদী দলৰ নেতা চমুকৈ বিএছপিৰ নেতাই কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক ‘বিদেশী খুন’ বুলি কৈছিল৷ যিগৰাকী নেতাই ৰাহুলক বিদেশী খুন বুলি কৈছিল তেওঁক দলৰ পদৰ পৰা আঁতৰ কৰে৷ 

জানিব পৰা মতে, জয় প্ৰকাশ সিঙ নামৰ বিএছপিৰ নেতা এজনে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হোৱাৰ বাবে প্ৰশ্ন উত্থাপন কৰা লগতে ‘বিদেশী খুন’ বুলি কৈছিল৷ তাৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়৷ বিতৰ্কৰ পিছতে বিএছপি নেতা জয় প্ৰকাশ সিঙক দলৰ উপ-সভাপতি পদৰ পৰা আতৰ কৰে৷

মঙলবাৰে এখন সংবাদ মেল সম্বোধন কৰি দলৰ মুৰব্বী কুমাৰী মায়াবতীয়ে জয় কুমাৰ সিঙক দলৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ পৰা আতৰ কৰাৰ কথা ঘোষণা কৰে৷ মায়াবতীয়ে কয় যে তেওঁৰ মন্তব্য ব্যক্তিগত চিন্তা৷ এই মন্তব্যৰ পিছতে বিএছপিৰ মাজত হ’বলগীয়া মিত্ৰজোঁটত সমস্যাৰ সৃষ্টি হ’ব বুলিয়ে মায়াবতীয়ে জয় প্ৰকাশ সিঙক আতৰ কৰে দলৰ পদৰ পৰা৷