কোকৰাঝাৰঃ বিটিএডিৰ ২০১৭- ১৮ বিত্তীয় বৰ্ষৰ বাবে ২৫৭৬ কৌটি ২৭ লাখ ৫১ হেজাৰ টকাৰ বাজেটখন আজি বিটিএডি বিধান পৰিষদীয় সদনত গৃহীত হয় ৷ উল্লেখ্য যে, বিটিএডিৰ বিত্ত বিভাগৰো দায়িত্বত থকা মুখ্য কাৰ্যবাহী তথা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে কালি বিটিএডিৰ ৩৯টা বিভাগৰ বাবে মুঠ ২৫৭৬ কৌটি ২৭ লাখ ৫১ হেজাৰ টকাৰ বাজেট দাখিল কৰিছিল ৷

আজি বাজেট অধিৱেশনৰ অন্তিম দিনা বিটিএডি বিধান পৰিষদীয় সদনত বাজেটৰ ওপৰত বিতংভাৱে আলোচনা কৰাৰ অন্তত সদনৰ সৰ্বসন্মতি মৰ্মে উক্ত বাজেট খন গৃহীত কৰা হয় ৷ বিটিএডিৰ ২০১৭ - ১৮ বৰ্ষৰ বাবে গৃহীত বাজেট খনত কৃষিৰ ওপৰত বিশেষ গুৰুত্ব আৰোপৰে ক্ষুদ্ৰ জলসিঞ্চনত সৰ্বাধিক ১০৬২৫৫.৭২ লাখ টকা ধাৰ্য কৰা হৈছে ৷  ইয়াৰোপৰি ডব্লিউ পি টি আৰু বি চি বিভাগত ৬৫৬৫৫ . ০৯ লাখ, পঞ্চায়ত আৰু গ্ৰামোন্নয়নত ১৩২২৩.০০ লাখ ,  শিক্ষা শিতানত ১০৯১৩.৭৬ লাখ , সমাজ কল্যানত ১০০৩৪.৫৩ লাখ , বিটিচি প্ৰশাসনত ৭৩৬৭.৫৫ লাখ , বন বিভাগত ৫০৮৪.৮৫ লাখ , গড়কাপ্তানি (পথ)ত ৪৩৩২.০০ লাখ , ভূমি ৰাজহত ৩৭৫০.০০ লাখ , স্বাস্থ্য অাৰু পৰিয়াল কল্যাণত ২৭০৫ লাখ , চহৰ উন্নয়নত ২২৫৫.০০ লাখ ,  নিয়োগত ৩৫ লাখ ,খেল অাৰু যুব কল্যানত ৫০০ লাখ টকা ধাৰ্য কৰা হৈছে ৷

বাজেট গৃহীত হোৱাৰ পূৰ্বে বাজেট সন্দৰ্ভত আলোচনা কালত বাজেটত বিটিএডিৰ চিৰাঙ আৰু ওদালগুৰি জিলাত ধাৰ্য ধনৰাশি নিম্ন হোৱা বুলিও একাংশ বিৰোধী পৰিষদীয় নেতাই শাসক পক্ষক আঙুলিয়াই দিয়া পৰিলক্ষিত হয় ৷ তদুপৰি বিটিচিৰ বাজেট অধিবেশনৰ আজি অন্তিম দিনা বিটিচিৰ বিৰোধী গোটৰ দলপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে বিটিচিৰ সৰ্বত্ৰে  আচঁনি ৰূপায়নৰ ক্ষেত্ৰতে হওঁক বা বিভাগ পৰিচালনাৰ ক্ষেত্ৰতে হওঁক চিষ্টেম একেবাৰে নথকা বুলি শাসক দলক দৃষ্টিগোচৰ কৰে ৷

অৱশ্যে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰী এইক্ষেত্ৰত বিৰোধী পক্ষৰ সহযোগিতাৰ কাম্য বিচাৰি বিটিচি পৰিচালনাৰ চিষ্টেম সলনি কৰি শৃংখলাবদ্ধ কৰাৰ প্ৰতিশ্ৰতি দিয়ে ৷ বিটিচিৰ আন্তগাথনি সন্দৰ্ভত মহিলাৰীয়ে শাসনৰ দহ বছৰ উকলি যোৱাৰ পিছতো বিটিচি চিৰাং,ওদালগুৰি, বাগছা  জিলা প্ৰশাসনিক কায্যলয়, কোষাধ্যক্ষ, কোৰ্ট কাছাৰী আৰু নতুন মহকুমা পৰ্যায়ত আন্তগাথনি সমূহ কাৰ্যকৰী নোহোবা বুলি আক্ষেপ কৰে ৷ এনেক্ষেত্ৰত বিটিচিৰ মূৰব্বী হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ সামগ্ৰিক সমস্যাকলৈ বিটিচি বিধান পৰিষদীয় অধ্যক্ষ ত্ৰিদীপ দৈমাৰীৰ নেতৃত্বত ১২ জনীয়া শাসক বিৰোধী উভয়পক্ষই মিলি ৩১মাৰ্চৰ পূৰ্বে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰিব বুলি সদৰী কৰে ৷

তেওঁ বিটিচি চুক্তি দফা অনুযায়ী  ৰাজ্য চৰকাৰে হস্তান্তৰ কৰা ৩৯ টা চৰকাৰী বিভাগৰ পদ ৰূপায়ন লগতে আন্তগাথনিৰ সকলো দিশ পৰ্যালোচনাৰ এখন ৰিভিউ মিটিং অহা এপ্ৰিলত অনুষ্ঠিত কৰা হৱ বুলিও সদৰী কৰে ৷ ইফালে বাজেট অধিবেশনৰ অন্তত সাংবাদিকৰ আগত হাগ্ৰামা মহিলাৰীয়ে বিটিচিত সন্মুখীন হোৱা সমস্যাসমূহ আগৰ কংগ্ৰেছ চৰকাৰৰ আমোলত সমাধান নকৰা অভিযোগ কৰি শেহতীয়া বিজেপি চৰকাৰৰ আমোলত সমস্যাসমূহ এশ শতাংশই সমাধান হ'ব বুলি আশা প্ৰকাশ কৰে ৷