কোকৰাঝাৰঃ কোকৰাঝাৰৰ যুৱ ব্যৱসায়ী ৰঞ্জিত দত্তক বিনা চৰ্তে আৰু সুস্থ্য শৰীৰে মুকলি কৰি দিয়াৰ দাবীত তথা অপহৰণৰ ছদিন পাছতো অপহৃতক উদ্ধাৰ কৰাৰ ক্ষেত্ৰত আৰক্ষীয়ে দেখুওৱা ব্যৰ্থতাৰ প্ৰতিবাদত সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেছনে আজি বিটিএডি এলেকাত অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ জিলাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰত আজি পুৱাৰে পৰা শ শ প্ৰতিবাদকাৰীয়ে ৩১নং(গ) ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰি যান-বাহনৰ চলাচল স্তব্ধ কৰি দিয়ে। ফলত বহিঃৰাজ্যৰ পৰা অসম অভিমুখী ট্ৰাকসমুহ শ্ৰীৰামপুৰ আন্ত:ৰাজ্যিক তালাচী চকীতে আৱদ্ধ হৈ পৰে।

শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, যান-বাহনৰ চলাচল স্তব্ধ।

উল্লেখ্য যে কোকৰাঝাৰ সদৰ চহৰৰ সমীপৰ ভৱানীপুৰৰ পৰা যোৱা ২১ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৮:৩০ বজাত ৰঞ্জিত দত্ত নামৰ যুৱ ব্যৱসায়ীগৰাকীক অজ্ঞাত দুৰ্ষ্কৃতিকাৰীয়ে অপহৰণ কৰি নিয়াৰ ৬ দিন উকলি যোৱাৰ পিছতো ব্যৱসায়ীগৰাকীৰ কোনো সন্ধান পোৱা হোৱা নাই। আৰক্ষীয়ে অপহৃতৰ সন্ধান উলিওৱাত দেখুওৱা ব্যৰ্থতাৰ প্ৰতিবাদত তথা অপহৃতক বিনাচৰ্তে মুক্তি দিয়াৰ দাবীত সদৌ বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেছনে আজি ৰাতিপুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈকে ১২ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধৰ আহ্বান দিয়াৰ ফলত ৩১ 'গ' ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি আন পথত যানবাহন চলাচল ব্যাহত হৈ পৰে।

১২ ঘণ্টীয়া অৰ্থনৈতিক অৱৰোধ কাৰ্যসূচী চলি থকা সময়তে ছাত্ৰ সংগঠনটোৰ পাঁচ শতাধিক কৰ্মী- সমৰ্থকে শ্ৰীৰামপুৰ আন্তঃৰাজ্যিক তালাচী চকীৰ সমীপত শ্ৰীৰামপুৰ চাৰিআলিত ৩১নম্বৰ 'গ' ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে।প্ৰতিবাদকাৰী সকলে বাঙালীৰ ওপৰত অত্যাচাৰ নচলিব, পুলিচ-প্ৰশাসন হায়-হায়, অপহৃত ব্যৱসায়ী জনক বিনাচৰ্তে মুক্তি দিয়ক, অসম চৰকাৰ হায় হায় আদি প্ৰতিবাদী শ্লোগানেৰে ৰাজপথৰ পৰিৱেশ উত্তাল কৰি তোলে।

প্ৰায় চাৰি ঘন্টা ধৰি অৱৰোধ কাৰ্যসূচীৰ পিছত গোসাঁইগাঁও মহকুমাৰ মহকুমাধিপতি আৰু আৰক্ষী বিষয়াই বিশাল বাহিনী লৈ অৱৰোধস্থলীত উপস্থিত হয়। মহকুমা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে অৱৰোধকাৰীসকলৰ দাবীৰ প্ৰতি সহানুভূতি প্ৰদৰ্শন কৰাৰ লগতে বিষয়টো চৰকাৰৰ উৰ্ধ্বতন মহলক অৱগত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি  অৱৰোধ প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ জনোৱাত অৱৰোধ কাৰ্যসূচীৰ নেতৃত্ব প্ৰদান কৰা সদৌ অসম বেংগলী যুৱ-ছাত্ৰ ফেডাৰেছনৰ বি টি এ ডি ক্ষেত্ৰীয় সমিতিৰ সভাপতি গোপাল ঘোষে অৱৰোধ কাৰ্যসূচী প্ৰত্যাহাৰ কৰে আৰু মহকুমাধিপতিৰ যোগেদি কেবাদফীয়া দাবী সম্বলিত এক স্মাৰকপত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ প্ৰেৰণ কৰে।

আনহাতে কোকৰাঝাৰৰ অপহৰণকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে উক্ত অপহৰণৰ লগত জড়িত সকলক ইমান দিনে আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিব নোৱাৰাত বৃহত্তৰ অসম বেংগলী উন্নয়ন পৰিষদে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। সংগঠনটোৰ কোকৰাঝাৰ জিলা সমিতিয়ে আজি গোসাঁইগাঁওস্থিত নিজ কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত আৰক্ষী আৰু অপহৰণকাৰী সকলৰ বিৰুদ্ধে তীব্ৰ বিষোদগাৰ কৰে।

জিলা সমিতিৰ সভাপতি জীবেশ চক্ৰবৰ্ত্তীয়ে অপহৰণকাণ্ডৰ ছদিন উকলি যোৱাৰ পিছতো আৰক্ষীয়ে অপহৃত আৰু অপহৰণকাৰীৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰোটো অকল ব্যৰ্থতাই নহয় বৰং এয়া নিৰীহ বাঙালীৰ বিৰুদ্ধাচৰণ বুলিও তীৰ্যক মন্তব্য কৰে। ইপিনে সংগঠনটোৰ মুখ্য উপদেষ্টা উত্তম চক্ৰৱৰ্ত্তীয়ে শীঘ্ৰে অপহৃতক সুস্থ্য শৰীৰে মুকলি কৰি দিবলৈ অপহৰণকাৰীলৈ আহ্বান জনাইছে। ইয়াৰোপৰি আৰক্ষীয়ে সঠিক পদক্ষেপ গ্ৰহণ নকৰিলে বৃহত্তৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হ'ব বুলি সংবাদমেলত প্ৰকাশ কৰে উত্তম চক্ৰবৰ্তীয়ে।