খৈৰাবাৰীঃ চৌদিশে উন্নয়ন হোৱা বুলি দাবী কৰা হাগ্ৰামাৰ বিটিচিত এতিয়াও ৰাইজে বাঁহৰ দলঙেৰে আহ-যাহ কৰিবলগীয়া হৈছে৷ খৈৰাবাৰীৰ সমীপৱৰ্তী ঝাৰগাঁও-শইকীয়াপাৰাত থকা পুৰণিকলীয়া এই বাঁহৰ দলংখন দেখিলেই সহজে অনুমান হয় যে কি দুৰৱস্থাত অহা-যোৱা কৰিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজে।

বাৰিষা হ'লেই এই দলংখন পানীৰ তলত ডুব গৈ থাকে। এনেদৰে খৈৰাবাৰী বিটিচি সমষ্টিৰ অন্তৰ্গত চাবুকধৰা-আটেলীয়া-খৈৰাবাৰীৰ কালপানী নদীত থকা বাঁহৰ দলঙেৰে সুদীৰ্ঘ বছৰ ধৰি ৰাইজে যাতায়াত অব্যাহত ৰাখিছে।

প্ৰতিবছৰে জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত দলংখন নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিকোপতি কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই৷ কলাইগাঁও সমষ্টিৰ বিধায়ক তথা স্থানীয় বিধায়ক মহেশ্বৰ বড়োৰ এনেবোৰ দলঙৰ ওপৰত কেতিয়া সুদৃষ্টি পৰিব?

আনহাতে বহুদিন সংশ্লিষ্ট কৰ্তৃপক্ষলৈ বাট চাই কোনো সুফল নোপোৱাত  কালজুৰি-খৈৰাবাৰী পথৰ ডিমীলা নৈৰ ওপৰত স্থানীয় ৰাইজে  নিৰ্মাণ কৰিছে এখন বাঁহৰ দলং। কলাইগাঁও সমষ্টিৰ অন্তৰ্গত কালজুৰি-খৈৰাবাৰী পথত আজিৰ পৰা প্ৰায় ১৯/২০ বছৰ পূৰ্বৰ কাঠৰ দলংখন ভাগি পৰাত এনেদৰে  বাঁহেৰে দলং নিৰ্মাণ কৰিবলৈ বাধ্য হৈ পৰে অঞ্চলটোৰ ৰাইজ।