নতুন দিল্লীঃ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰৰ অন্তিম তথা অন্তৱৰ্তীকালীন বাজেটত আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বহুতো ৰেহাই ঘোষণা কৰিছে৷ বিত্ত মন্ত্ৰী অৰুণ জেটলী অসুস্থতাৰ বাবে মন্ত্ৰী পিয়ুষ গোৱেলে শুকুৰবাৰে উত্থাপন কৰা বাজেটত মধ্যবৃত্তক সকাহ দিব পৰাকৈ আয়কৰৰ নিম্নতম সীমা পাঁচ লাখ টকালৈ বৃদ্ধি কৰিছে৷ 

পূৰ্বে বছৰি আঢ়ৈ লাখ টকালৈকেহে আয়কৰ ৰেহাই দিয়া হৈছিল৷ ইয়াৰ দ্বাৰা মোডী চৰকাৰে আগন্তুক লোকসভা নিৰ্বাচনলৈ লক্ষ্য ৰাখি দেশৰ চাকৰিয়াল তথা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰিছে৷ 

উল্লেখ্য যে, মোডী চৰকাৰৰ ষষ্ঠখন বাজেটত কৃষি, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা স্বাস্থ্যখণ্ডৰ বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে৷ বাজেট ভাষণত মন্ত্ৰী গোৱেলে কয় যে তেওঁ মাত্ৰ এখন অন্তৱৰ্তীকালীন বাজেট স্থাপন কৰা নাই, ইয়াৰ জৰিয়তে দেশৰ উন্নয়ণ অধিক তৰান্বিত হ’ব৷

২০২২ চনৰ ভিতৰত এক নতুন ভাৰতৰ দিশে কাম কৰা বুলি দাবী কৰি মন্ত্ৰী গোৱেলে দেশৰ আন্তঃগাঁথনিমূলক উন্নয়নৰ দিশত চৰকাৰে সৰ্বাধিক গুৰুত্ব প্ৰদান কৰিছে বুলি প্ৰকাশ কৰে৷

যোৱা পাঁচ বছৰত চৰকাৰে মুদ্ৰাস্ফিতী হাৰ এটা অংকৰ ভিতৰতে ৰাখিবলৈ সক্ষম হৈছে আৰু সামগ্ৰীৰ মূল্য কম কৰি ৰখাৰ বাবে দেশৰ এটা পৰিয়ালে দৈনন্দিন ব্যৱহৃত সামগ্ৰীৰ ক্ষেত্ৰত ৩৫-৪০ শতাংশ ৰেহাই কৰিবলৈ সক্ষম হৈছে৷ আনহাতে, যোৱা পাঁচ বছৰত দেশত ২৩৯ বিলিয়ন মাৰ্কিন ডলাৰৰ প্ৰত্যক্ষ বিদেশী বিনিয়োগ হৈছে৷ 

বৰ্তমান চৰকাৰৰ বিত্তীয় ঘাটি জি ডি পিৰ ২.৫ শতাংশহে হ’ব৷ অৱশ্যে এই ঘাটি পৰৱৰ্তী সময়ত ৩.৪ শতাংশলৈ বৃদ্ধি পাব বুলি তেওঁ প্ৰকাশ কৰিছে৷ 

মোডী চৰকাৰে বেংকিং খণ্ডটো বৃহৎ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ ইউ পি এ চৰকাৰৰ দিনত ফোনৰ জৰিয়তে কথা পাতিয়েই ল’ব পাৰ ঋণ-ব্যৱস্থা এন ডি এ চৰকাৰে বন্ধ কৰিছে৷ ইফালে, অনাদায় হৈ থকা ঋণৰ ক্ষেত্ৰতো চৰকাৰে আৰ বি আইক ব্যৱস্থা গ্ৰহণ কৰিবলৈও সাহস কৰিছে৷ বৃহৎ পুঁজিপতিৰ প্ৰায় তিনি লাখ কোটি ‘বেড লোণ’-ও আদায় কৰিছে চৰকাৰে৷

কেন্দ্ৰত এখন দুৰ্নীতিমুক্ত চৰকাৰ চলাবলৈ সক্ষম হোৱা বুলি দাবী কৰি বিত্ত মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে গ্ৰাম্যাঞ্চলত বিশেষ উন্নয়ন কৰিবলৈ সক্ষম হৈছে৷ চৰকাৰে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে এম জি এনৰেগাৰ ধন ৬০ হাজাৰ কোটিলৈ বৃদ্ধি প্ৰস্তাৱ আনিছে৷ একেদৰে ক্ষুদ্ৰ আৰু মজলীয়া কৃষকৰ বাবে নিৰ্ধাৰিত আঁচনি প্ৰধানমন্ত্ৰী সন্মান নিধিৰ জৰিয়তে প্ৰতিজন কৃষকে বছৰি ছয় হাজাৰ টকাকৈ তিনিটা কিস্তিত লাভ কৰিব৷ 

গ্ৰাম্যাঞ্চলৰ উন্নয়নৰ লগতে চৰকাৰে নগৰীয়া আৰু গ্ৰাম্য জীৱনৰ মাজত থকা ব্যৱধানো হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে৷ ইতিমধ্যে চৰকাৰে দেশৰ ৫.৪ লাখ খন গাঁওৰ মুকলিত শৌচ কৰাটো বন্ধ কৰিছে৷ নতুন আইনৰ জৰিয়তে অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক আৰক্ষণৰ আওতালৈ আনিছে৷ ইয়াৰ জৰিয়তে শিক্ষা প্ৰতিষ্ঠানসমূহত দুই লাখ আসন তথা চাকৰিতো সংৰক্ষণ হ’ব৷

২০১৪ চনত দেশৰ ২.৫ কোটি পৰিয়ালৰ বিজুলী সংযোগ নাছিল৷ বৰ্তমান চৰকাৰে প্ৰায় সকলো পৰিয়ালকে বিজুলী সংযোগ দিছে৷ ইফালে, ২০১৩-১৪ বৰ্ষত সুলভ মূল্যৰ দোকানৰ জৰিয়তে ৯২ হাজাৰ কোটি টকাৰ খাদ্য-দ্ৰব্য বিতৰণ কৰাৰ বিপৰীতে ২০১৮-১৯ বৰ্ষত ১.৭ লাখ কোটি টকাৰ সুলভ মূল্যৰ খাদ্য-দ্ৰব্য বিতৰণ কৰা প্ৰস্তাৱ আগবঢ়াইছে৷ 

গ্ৰাম্যাঞ্চলৰ বাট-পথক ‘গাঁৱৰ আত্মা’ বুলি অভিহিত কৰি পৰৱৰ্তী বৰ্ষটোত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ তিনিগুণ বাট-পথ নিৰ্মাণ কৰা হ’ব বুলিও গোৱেলে ঘোষণা কৰে৷ 

নিম্ন আৰু মধ্যবৃত্ত শ্ৰেণীৰ পৰিয়াললৈ চৰকাৰে ১৪৩ কোটিটা এল ই ডি বাল্বো যোগান ধৰিব৷ ২০১৪-১৮ত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ১.৫৩ টা ঘৰ নিৰ্মাণ কৰা হৈছে৷ ইফালে, আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত এতিয়ালৈকে ১০ লাখ ৰোগীক চিকিৎসা প্ৰদান কৰা হয়৷ ২০১৪ চনৰপৰা চৰকাৰে দেশত ১৪ খন অখিল ভাৰতীয় আয়ুৰ্বেদিক প্ৰতিষ্ঠান আৱন্টন দিছে৷ হাৰিয়ানতো আন এখন স্থাপন কৰা হ’ব৷ 

পশু-পালন আৰু মীন উন্নয়নৰ বাবে বাজেটত ২ শতাংশ বৃদ্ধিৰে ৮৫০ কোটি টকা আৱন্টনৰ প্ৰস্তাৱ কৰা হৈছে৷ উজালা আঁচনিৰ জৰিয়তে দেশৰ ৮ কোটি দুখীয়া মহিলাক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগ দিয়াৰ লক্ষ্য বান্ধি লৈ চৰকাৰে ইতিমধ্যে ৬ কোটি এনে সংযোগ প্ৰদান কৰিছে৷ 

প্ৰতিদিনে ২৭ কিলোমিটাৰ হৈ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম চলি আছে৷ ২০১৯-২০ বৰ্ষৰ বাজেটত প্ৰতিৰক্ষা শিতানৰ ধন বৃদ্ধি কৰিব ৩ লাখ কোটি টকাৰ প্ৰস্তাৱ কৰা হৈছে৷ যোৱা ৩ বছৰত ‘ৱান ৰেংক ৱান প’ষ্ট’ৰ শিতানত ৩৫ হাজাৰ কোটি টকা ব্যয় কৰা হৈছে৷ ইফালে, দেশত আয়কৰ দাখিলৰ সংখ্যা ৬.৮৫ কোটিলৈ বৃদ্ধি হৈছে আৰু আয়কৰ সংগ্ৰহ এই বছৰত ১২ লাখ কোটিলৈ বৃদ্ধি পাইছে বুলি মন্ত্ৰী গোৱেলে বাজেট ভাষণত উল্লেখ কৰে৷