ডিজিটেল ডেস্কঃ কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন নৰেন্দ্ৰ মোডী চৰকাৰৰ কাৰ্যকালৰ অন্তিম খন বাজেট ০১ ফেব্ৰুৱাৰীত সংসদত দাখিল কৰে৷ অন্তিমখন পূৰ্ণ বাজেটে দেশৰ কৃষক, দৰিদ্ৰ, খাতিখোৱা নিৱনুৱা, গৃহিনী, সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে আশাৰ নতুন সঞ্চাৰ কঢ়িয়াই আনিব বুলি চৰকাৰে বিভিন্ন মাধ্যম যোগে প্ৰচাৰ চলাই আহিছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসম চৰকাৰে গুৱাহাটীত অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনত অংশ লৈ সাধাৰণ শ্ৰেণী মধ্য বিত্ত লোকৰ কথা কৈ জনসাধাৰণৰ কল্যাণৰ বাবে এই বাজেটে বুলি কৈছিল৷ একাংশ মাধ্যম যোগে চৰকাৰে খনে বাজেট যোগাত্মক বুলি প্ৰচাৰ চলাই থকাৰ সময়তে দেশৰ বিভিন্ন দল-সংগঠনে মোডী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰা দেখা যায়৷

বিশেষকৈ অন্তিম খন পূৰ্ণ বাজেটত দেশৰ শ্ৰমিকসকলক কেন্দ্ৰীয় চৰকাৰে প্ৰাপ্যৰ পৰা বঞ্চিত কৰি অহাৰ বাবে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সমৰ্থিত দল ভাৰতীয় মজদুৰ সংঘৰ লগতে অন্যান্য কেন্দ্ৰীয় শ্ৰমিক সংগঠনে ঘোৰ অভিযোগ উত্থাপিত কৰিছে৷ সংগঠনসমূহে অভিযোগ কৰা মতে, চৰকাৰে দেশৰ দৰিদ্ৰ লোকসকলৰ প্ৰতি কোনো বিষয়তে, কোনো এটা দিশতে ভালদৰে চকু ৰখা নাই৷

যাৰ বাবে অন্তিমখন বছৰেকীয়া পূৰ্ণ বাজেটৰ পৰা দেশৰ কৃষক-শ্ৰমিকসকলক শ্ৰমিক ঋণৰ পৰা বঞ্চিত কৰিছে৷  শ্ৰমিকসকল এনে বঞ্চনাৰ বলি হোৱাত ভাৰতীয় মজদুৰ সংঘই গভীৰ অসন্তুষ্টি প্ৰকাশ কৰি সমগ্ৰ দেশৰ শ্ৰমিকসকলক চৰকাৰৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়৷

ভাৰতীয় মজদুৰ সংঘৰ মহাসচিব বৃজেশ উপাধ্যাইয়ে ৰ্ষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এটি সাক্ষাৎকাৰত কয়, প্ৰথমবাৰৰ বাবে যিকোনো বাজেটত গ্ৰাম্য উন্নয়ন, কৃষি, স্বাস্থ্য আৰু প্ৰাথমিক বিকাশ ইত্যাদি বিষয়ৰ ওপৰত গভীৰ গুৰুত্ব আৰোপ কৰাৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে শ্ৰমিকৰ আস্থা সিদ্ধিৰ ক্ষেত্ৰত উপেক্ষা কৰা দিশটোত আচৰিত হৈছে৷ কিয়নো দেশৰ খাটিখোৱা লোকসকলেই যিকোনো ক্ষেত্ৰত বঞ্চনাৰ বলি হ’ব লগা হয়৷

তেওঁ লগতে কয়, কেন্দ্ৰীয় চৰকাৰৰ অংগনৱাড়ী কৰ্মী, আশা কৰ্মীৰ লগতে অন্যান্য যোজনাৰ অধীনত কৰ্মৰত কৰ্মচাৰীসকলৰ পাৰিতোষিক একেবাৰে কম৷ কিন্তু এই সকলৰ বাবে কেন্দ্ৰীয় বাজেটত কোনো ধৰণৰ সুবিধাৰ বিষয়ে অন্তৰ্গত নকৰিলে৷ ইয়াৰোপৰি মধ্যম বৰ্গৰ কৰ্মচাৰীসকলেও বাজেটখনক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে৷ কিয়নো তেওঁলোকৰ বাবে কোনো ধৰণৰ কৰ ৰেহাইৰ বৃদ্ধি নকৰিলে বৰং আয়কৰ ৩ শতাংশৰ পৰা ৪ শতাংশলৈহে বৃদ্ধি কৰা দেখা যায়৷

এই বাজেটতে কৰদাতাৰ সংখ্যা ৪১ শতাংশলৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰে কেন্দ্ৰীয় চৰকাৰে৷ ভাৰতীয় মজদুৰ সংঘই জানিবলৈ দিয়া মতে, কৰ্মচাৰীসকলেই বীমা কোম্পানীসমূহৰ পৰা হ’ব পৰা বিলাই বিপত্তিৰ বোজা বহন কৰিব লাগিব৷ কৰ্মচাৰীসকলৰ ৰোজগাৰ সুৰক্ষা, স্থানান্তৰণ আৰু পদোন্নতিৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ সুবিধা প্ৰদান নকৰিলে৷

তেওঁ লগতে কয়, শ্ৰমিক আইন সলনি কৰাৰ বাবে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হ’ব৷ কিন্তু এই বৈঠকৰ আলোচনা বৰ্তমানলৈও হোৱা নাই৷ শ্ৰমিক ঋণৰ বিষয়টো বাজেটত অন্তৰ্ভূক্তি হ’বনে নহয় বৈঠকৰ আলোচনাৰ শেষতহে নিৰ্ণয় হ’ব৷ শ্ৰমিক সংগঠন এটক-ৰ মহাসচিব অমৰজিৎ কৌৰে কয়, কেন্দ্ৰীয় চৰকাৰৰ এই বাজেটে সাধাৰণ শ্ৰেণী, নিৱনুৱা আৰু দৰিদ্ৰ লোকসকলৰ সমস্যাক দূৰ কৰিব নোৱাৰে৷

ইয়াৰোপৰি কেন্দ্ৰীয় বাজেটত মহিলাসকলকো সুবিধা দিয়াৰ পৰা উপেক্ষিত কৰা হ’ল বুলি NATIONAL FEDERATION OF INDIAN WOMEN নাম সংগঠনটোৱে উল্লেখ কৰে৷ বছৰ বছৰ ধৰি অংগনৱাড়ী কৰ্মী-সহায়িকাই প্ৰতিবাদ কৰাৰ পিছকো কেন্দ্ৰীয় চৰকাৰে বাজেটত তেওলোকৰ সমস্যা সমাধানৰ বাবে কোনো ধৰণৰ মন্তব্য প্ৰকাশ নাপালে৷ আনহাতে দেশৰ বিভিন্ন চৰকাৰী শিক্ষানুষ্ঠানত ৰান্ধনী হিচাপে কৰ্মৰত মহিলাসকলৰ বাবে একো ঘোষণা নকৰিলে৷ তেওলোকে মাথো ১০০০-২০০০ টকাৰ ভিতৰত কাম কৰি আহিছে৷