The Financial Express
The Financial Express

ডিজিটেল ডেস্কঃ অৰুণ জেটলীৰ বাজেটত অসমৰ বাবে বিশেষ একো নাই। এই কথা এতিয়া চৰ্চাৰ বিষয়। নমামি গংগা, বদোদৰাত ৰেল বিশ্ববিদ্যালয়ৰ স্থাপন কৰাৰ কথা ঘোষণা কৰা হ’ল যদিও অসম তথা উত্তৰ পূৰ্বাঞ্চল বাবে বিশেষ পেকেজ নতুবা আঁচনি ঘোষণা নকৰাত বাজেটে অসমক কি দিলে তাক লৈ চৰ্চা আৰম্ভ হৈছে৷

ৰাজ্য খনৰ ভয়াবহ সমস্যা যেনে গৰাখহনীয়া, পথৰ উন্নয়ন, নিৱনুৱা সমস্যা, বান পানী সমস্যা সমাধান তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে সুকীয়া উদ্যোগনীতিৰ কথা উল্লেথ নকৰিলে বাজেটত৷

গংগাক প্ৰদূষণ মুক্ত কৰা কৰাৰ কথা ঘোষণা কৰা হ’ল যদিও ব্ৰহ্মপুত্ৰ খনন, ব্ৰহ্মপুত্ৰ পাৰে পাৰে এক্সপ্ৰেছ হাইৱে নিৰ্মাণ, নিৱনুৱা সমস্যা সমাধানৰ দৰে একো কথাই উল্লেখ নকৰিলে বিজেপি চৰকাৰে৷ নমামি ব্ৰহ্মপুত্ৰ অনুষ্ঠিত কৰি বৰ বৰ ঘোষণা কৰি যোৱা বিজেপি নেতা-মন্ত্ৰীয়ে অসমক সোনকালে পাহৰি গ’ল বুলি চৰ্চা হৈছে৷

কেন্দ্ৰীয় পথ-পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে কেইবাবাৰো অসমলৈ আহি ব্ৰহ্মপুত্ৰৰ ওপৰত নতুন দলং, গুৱাহাটী মহানগৰীত ৰিং ৰোড নিৰ্মাণ, ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া ৰোধৰ কথা কৈছিল যদিও বাজেটত কোনো কথা উল্লেখ নথকাৰ লগতে অসমৰ বাবে স্পষ্ট কোনো নীতিৰ কথা উল্লেখ নাই৷

ৰেল পথ উন্নয়নৰ নাই কোনো স্পষ্ট ধাৰণা৷ ধনী আৰু দৰিদ্ৰৰ মাজৰ মধ্যবিত্ত লোকৰ বাবে বাজেটত বিশেষ একো নথকাৰ বাবে অসম বেছিকৈ ক্ষতিগ্ৰস্ত হয়৷ কিয়নো অসমত বেছি খিনি লোকেই মধ্যবিত্ত৷ তাতোকৈ বেছি দৰিদ্ৰ লোকে বাস কৰা অসমৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎৰ বাবে একো ঘোষণা কৰা নহ’ল৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উত্তৰ পূৰ্বাঞ্চলক দেশৰ আন প্ৰান্তৰ দৰেই গুৰুত্ব দিয়া হ’ব বুলি কোৱাৰ পিছতো অসমক বাজেটত সম্পূৰ্ণ উপেক্ষা কৰা হ’ল৷ একপ্ৰকাৰ বৈষম্য কৰা হল বুলিও কোৱাৰ থল আছে৷

সম্পূৰ্ণ চমক সৃষ্টিৰ বাবে নিৰ্বাচনমূখী বাজেট খনে অসমৰ উন্নয়ন সাধন কৰিব পৰা একো নাই৷ অসমৰ কৃষক, দৰিদ্ৰ, খাতিখোৱা মানুহৰ বাবে একো নাথাকিল বাজেট খনত৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় ২০১৪ বৰ্ষত অসমলৈ নিৰ্বাচনৰ প্ৰচাৰ কৰিব অহাৰ সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলক সুকীয়া দৃষ্টিৰে চোৱা হ’ব বুলি কৈছিল৷ যাৰ বাবে এতিয়া বাজেটত অসমৰ বাবে কি আছে তাকেই জানিব বিছাৰিছে অসমৰ জনসাধৰণে৷

অসমৰ মানুহে এনবোৰ কথাই চৰ্চা কৰিবলৈ আৰম্ভ কৰিছে৷ অসমৰ যুৱকক উপাৰ্জনমূখী কৰিবলৈ বিশেষ ঘোষণা নকিৰলে৷ পূৰ্বৰ চৰকাৰৰ দৰেই এখন গতানুগতিক বাজেট৷ আনহাতে অৰুণাচলত ৰেলৰ সুৰংগ নিৰ্মাণৰ বাবে বাজেটত নিৰ্ধাৰণ কৰা হয় যজদিও অসমৰ বাবে তেনে ধৰণৰ বিশেষ কোনো আঁচনি নাথিকল বাজেটত৷