ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ দৌলতপুৰত সংঘটিত হোৱা ভয়াবহ বাছ দুৰ্ঘটনাৰ মৃতকৰ সংখ্যা ৪২ জনলৈ বৃদ্ধি হয়৷ সোমবাৰে সংঘটিত এই ঘটনাৰ কেইঘন্টামানৰ ভিতৰতে ৩৬গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছিল৷ পুনৰ মঙলবাৰে পুৱাৰে পৰা NDRF-এ অভিযান চলাই ৬টা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷

সোমাবাৰে পুৱা দৌলতপুৰৰ নলিনী বক্স সেতুৰ ৰেলীং খহি যাত্ৰীবাহী বাছ এখন পানীত পৰিছিল৷ বৰ্তমানেও উদ্ধাৰ অভিযান অব্যাহত আছে বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে ৪২গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হৈছে যদিও বহু মৃতদেহ উদ্ধাৰ হোৱাৰ আশংকা কৰা হৈছে৷ পুৱা ঘন কুঁৱলিৰ বাবে উদ্ধাৰ অভিযানত ব্যাঘাত জন্মিছিল৷ ৫টা মৃতদেহ চিনাক্ত কৰিব পৰা নাই যদিও ১২ গৰাকী নদিয়াৰ, ২০গৰাকী বিৰভূমৰ বুলি জানিব পৰা গৈছে৷