photo by Nasiur Rahman, NNO Rangia
photo by Nasiur Rahman, NNO Rangia

ৰঙিয়াঃ আপুনি বা আপোনাৰ পৰিয়াল সহ: বিশেষ কামত আন ঠাইলৈ আহি লজত থাকিব বিচাৰিছে যদি এতিয়াৰ পৰা সাৱধান হ'বৰ হ'ল। ৰঙিয়া ষ্টেশ্যনৰ এখন লজত আজি নিশাৰ ভাগত সংঘটিত হোৱা এক ধন লুটৰ ঘটনাই বিভিন্ন কামৰ বাবে আহি লজত থাকিবলৈ লোৱাসকলক চিন্তিত কৰি তুলিছে।

♦ ৰঙিয়াৰ হেপ্পী ভিউ লজত গ্ৰাহকৰ ধন লুট

ঘটনাৰ বিষয়ে জানিব পৰা মতে অসমলৈ কাপোৰ ব্যৱসায় কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ গোণ্ডা জিলাৰ ৮ জন ব্যৱসায়ীয়ে যোৱা  ১৫ দিন ধৰি ৰঙিয়া ষ্টেশ্যনৰ হেপ্পী ভিউ লজত থাকিবলৈ লৈছিল। ব্যৱসায়ী কেইজনে এনেদৰে লজটোত থাকি ৰঙিয়া মহকুমাৰ বিভিন্ন অঞ্চলত কাপোৰ ফেৰি কৰি আহিছিল।

এনেদৰে ব্যৱসায় কৰি পোৱা ধন লজৰ কোঠাত ৰাখি আজিও তেওঁলোকে  ব্যৱসায় কৰাৰ বাবে ওলাই গৈছিল। সন্ধিয়া ব্যৱসায়ীকেইজনে লজৰ কোঠালৈ অহাৰ পিছত জানিব পাৰে যে তেওঁলোকে থৈ যোৱা মুঠ ৩ লাখ ৩০ হেজাৰ টকা চুৰি হৈছে। কষ্টোপাৰ্জিত ধনখিনি এনেদৰে হেৰুৱাবলগীয়া হোৱাত কান্দোনত ভাগি পৰে আটাইকেইজন ব্যৱসায়ী।

লগে লগে লজটোত এক উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত ৰঙিয়া আৰক্ষীৰ দল এটা উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে যদিও চুৰি কাণ্ডত জড়িত কোনো লোককে আটক কৰিব পৰা নাই।

লজটোৰ গৰাকী তথা মেনেজাৰজনে বিষটো সন্দৰ্ভত অজ্ঞাত প্ৰকাশ কৰিছে যদিও ব্যৱসায়ী কেইজনে অভিযোগ কৰামতে লজটোৰ প্ৰতিটো কোঠাৰ দুৱাৰসমূহৰ খিলিসমূহ এনেদৰে লগোৱা আছিল যে তলা মৰা অৱস্থাত বাহিৰৰ পৰা কোনোবাই জোৰকৈ ঠেলি দিলে দুৱাৰখন খুলি যায়। তেনে এক কৌশল অৱলম্বন কৰিয়ে লজৰ কৰ্মচাৰীয়ে উক্ত চুৰি কাণ্ডটো সংঘটিত কৰিছে বুলি ব্যৱসায়ীকেইজনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।