নতুন দিল্লীঃ জাতিগত সংৰক্ষণ ব্যৱস্থাৰ বাবে দেশ ৰসাতলে গৈছে। যদিহে একমত তেন্তে এই ফটোখন শ্বেয়াৰ কৰক। ইমান শ্বেয়াৰ কৰক যাতে ফটোখন গৈ প্ৰধানমন্ত্ৰী-ৰাষ্ট্ৰপতিৰ কাষ পাইগৈ। ২০১৩-১৪ চনৰ পৰা ফেচবুকত এনেদৰে ভাইৰেল হৈ পৰিছিল সংৰক্ষণ ব্যৱস্থা বিৰোধী একাধিক প্ৰতীকি ফটো। 

ইমানকৈ শ্বেয়াৰ কৰাৰ পিছত অৱশেষত যেন সেই প্ৰতীকি ফটো চৰকাৰৰ কাষ পালে! ফেচবুকত কোটিৰ ঘৰত শ্বেয়াৰ হোৱা ফটোখন পাওক বা নাপাওক লোকসভা নিৰ্বাচনৰ বৈতৰণী পাৰ হ’বলৈ নৰেন্দ্ৰ মোদী চৰকাৰে হাতত লৈছে বিশেষ পদক্ষেপ। এই অনুযায়ী জাতিগত সংৰক্ষণ ব্যৱস্থাৰ পৰিৱৰ্তে আৰ্থিক দিশক লৈ সংৰক্ষণত গুৰুত্ব আৰোপ কৰিছে মোদী চৰকাৰে। 

সোমবাৰে চৰকাৰী সূত্ৰই সদৰী কৰা মতে চাকৰিৰ ক্ষেত্ৰত শীঘ্ৰে সংৰক্ষণৰ সুবিধা লাভ কৰিব আৰ্থিকভাৱে পিছপৰা উচ্চবৰ্ণৰ লোকসকলেও। অৱশ্যে ইয়াৰ বাবে বাৰ্ষিক আয় ৮ লাখৰ কম হ’ব লাগিব। উচ্চ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো এনে নিয়ম প্ৰযোজ্য হ’ব বুলিও সূত্ৰটোৱে সদৰী কৰিছে।

সূত্ৰটোৱে জনোৱা মতে এই সন্দৰ্ভত মঙলবাৰে সংবিধান সংশোধনী বিধেয়ক সংসদত দাখিল কৰা হ’ব। সংসদত সেয়া গৃহীত হ’লেই বৰ্তমান যি ৫০ শতাংশ সংৰক্ষণ আছে তাৰ সৈতে যোগ হ’ব আৰু ১০শতাংশ। মোদী চৰকাৰৰ নতুন নীতি কাৰ্যকৰী হ’লেই আৰ্থিক দিশৰ ভিত্তিত ব্ৰাহ্মণ, কলিতাৰ দৰে উচ্চবৰ্ণ হিচাপে ধৰা হোৱা জাতিৰ লোকসকলেও সংৰক্ষণৰ সুবিধা লাভ কৰাতো নিশ্চিত হৈ পৰিব।