ডিজিটেল ডেস্কঃ প্ৰাক্তন মুখ্য সম্পাদকৰ বিৰুদ্ধে গোচৰ ৰুজু 'টাইমছ নাউ'ৰ৷ চেনেলটোৰ প্ৰাক্তন মুখ্য সম্পাদক তথা ৰিপাব্লিক চেনেলৰ প্ৰতিষ্ঠাতা অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে মুম্বাইৰ আজাদ মৈদান আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে সংবাদ মাধ্যমটোৰ স্বত্বাধিকাৰী গোষ্ঠী বেন্নেট ক’লেমন কো লিমিটিডে চমুকৈ বিচিচিএল-এ৷ 

অৰ্ণৱ গোস্বামীৰ লগত চেনেলটোৰ প্ৰাক্তন সাংবাদিক প্ৰেমা শ্ৰীদেৱীৰ বিৰুদ্ধেও কপিৰাইট উলংঘন, পেটেন্ট ৰাইট ভংগৰ দৰে কেইবাটাও গোচৰ ৰুজু কৰিছে দেশৰ আগশাৰীৰ সংবাদ গোষ্ঠীটোৱে৷ ভাৰতীয় দণ্ডাবিধিৰ অন্তৰ্গত ৩৭৯ ,৪০৩, ৪০৫, ৪০৬, ৪০৯, ৪১১, ৪১৪ আৰু ৪১৮ ধাৰাত গোচৰ ৰুজু হৈছে এই দুই সাংবাদিকৰ বিৰুদ্ধে৷

প্ৰাপ্ত বাতৰি মতে, কেইদিনমান পূৰ্বে ৰিপাব্লিক চেনেলত শশী থাৰুৰৰ মৃত পত্নী সুনন্দা পুষ্কৰৰ এক ফোন টেপিং সম্প্ৰচাৰ হৈছিল৷ উক্ত ফোন টেপিং সাংবাদিক দুগৰাকীয়ে 'টাইমছ নাউ'ত কৰ্মৰত অৱস্থাতেই কৰা হৈছিল বুলি অভিযোগ উত্থাপন কৰিছে সংবাদ গোষ্ঠীটোৱে৷ 

আনহাতে ৰিপাব্লিক টিভি আৰম্ভ কৰিয়েই লালু প্ৰসাদ যাদৱৰ ফোন কল ৰেকৰ্ডিং সম্প্ৰচাৰ কৰিছিল অৰ্ণৱে৷ লগে লগে চাঞ্চল্যৰ সৃষ্টি হৈছিল সমগ্ৰ দেশতে৷ বহুতেই এই ফোন কল ৰেকৰ্ডিঙৰ সত্যাসত্যক লৈ সন্দেহো প্ৰকাশ কৰে।  

ইয়াৰ মাজতে ফোন টেপিং সম্প্ৰচাৰ কৰি সুনন্দাৰ মৃত্যুৰ বাবে মিডিয়া ট্ৰায়েলৰ জৰিয়তে শশী থাৰুৰক জগৰীয়া কৰিছিল অৰ্ণৱে৷  এনে কাৰ্যত ক্ষুণ্ণ হৈ সাংবাদিকজনৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হ’বলৈকো যো-জা চলাইছে বুলি ছ'চিয়েল মিডিয়াযোগে সদৰী কৰিছে শশী থাৰুৰে৷ 

একেদৰে মুকলি নৌহওতেই বিজেপি নেতা সুব্ৰমণিয়াম স্বামীয়েও 'ৰিপাব্লিক'ৰ বিৰুদ্ধে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ত অভিযোগ উত্থাপন কৰিছিল ৷ উল্লেখ্য যে বিগত বৰ্ষৰ নৱেম্বৰত 'টাইমছ নাউ'ৰ পৰা অব্যাহতি লৈছিল অৰ্ণৱ গোস্বামীয়ে৷