গুৱাহাটীঃ ফেচবুকত বিজেপি বিধায়িকা সন্দৰ্ভত কৰা মন্তব্যৰ বাবে অঞ্জন বৰাৰ বিৰুদ্ধে আৰক্ষীয়ে আজি গোচৰ ৰুজু কৰিছে। মাঞ্জাৰ ২০ এ পি আই  আৰ বেটেলিয়নৰ উপ অধিনায়ক অঞ্জন বৰাৰ বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে আইজিপি (প্ৰশাসন) প্ৰদীপ শালৈয়ে চিআইডি বিভাগত গোচৰ তৰিছে।

উল্লেখ্য যে ছ'চিয়েল মিডিয়াত বিজেপি বিধায়িকাই দেহ বিক্ৰী কৰে বুলি মন্তব্য কৰিছিল অঞ্জন বৰাই। সচিবালয়ত তিনি ঘন্টাত ১ লাখ টকা আদায় লয় বুলি গুৰুতৰ অভিযোগ উত্থাপিত কৰাৰ পাছত এই পোষ্টে খলকনি তুলিছিল ৰাজনৈতিক মহলত।

আৰক্ষী বিষয়াজনে নিজৰ ফেচবুক টাইমলাইনত এটি পোষ্টৰ জৰিয়তে উত্থাপন কৰিছিল এই অভিযোগ। 'জয় শ্ৰী ৰাম, জয় হিন্দুভূমি' বাক্যাংশৰে সামৰণি মৰা পোষ্টটোত উল্লেখ কৰা মতে, নিজ কাৰ্যালয়ৰ কোঠাত হেনো বিজেপিৰ এগৰাকী বিধায়িকাই এনে ঘৃণনীয় কাৰ্য কৰি আহিছে।

বিধায়িকাগৰাকীয়ে ইয়াক ব্যৱসায় হিচাপে লৈ অহা বুলিও পোষ্টটোত উল্লেখ কৰিছিল অঞ্জন বৰা নামৰ বিতৰ্কিত আৰক্ষী বিষয়াজনে। পোষ্টটোত আৰক্ষী বিষয়া বৰাই কোনগৰাকী বিধায়িকাই এনে কাম কৰিছে সেয়া উল্লেখ কৰা নাই যদিও চক্ৰৱৰ্তী উপাধিধাৰী বিধায়িকাগৰাকী এনে কামৰ লগত জড়িত নহয় বুলি স্পষ্টকৈ মন্তব্য কৰিছিল।