ডিজিটেল ডেস্কঃ চেন্ট্ৰেল ব’ৰ্ড অব চেকেণ্ডাৰী এডুকেশ্যনে আজি ঘোষণা কৰে দ্বাদশ শ্ৰেণীৰ ফলাফল৷ পুৱা ১০ বাজি ৪৫ মিনিটত ঘোষণা হয় ফলাফল৷ প্ৰায় ১১ লাখ পৰীক্ষাৰ্থীয়ে এই বৰ্ষৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হৈছিল৷

কেন্দ্ৰীয় মানৱ সম্পদ মন্ত্ৰী প্ৰকাশ জাবেদকাৰে দ্বাদশ শ্ৰেণীৰ কলা, বিজ্ঞান আৰু বাণিজ্যত শীৰ্ষ স্থান অধিকাৰ কৰা ৩ পৰীক্ষাৰ্থীক শুভেচ্ছা জ্ঞাপন কৰে৷ ৯ মাৰ্চৰ পৰা ২৯ এপ্ৰিললৈ এই পৰীক্ষা অনুষ্ঠিত হৈছিল৷ মডাৰেশ্যন পদ্ধতিৰে চিবিএছইয়ে এই ফলাফল ঘোষণা কৰে৷

দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত ৯৯.৬% ৰে ন’য়ডাৰ এমেটি ইন্টাৰনেশ্যনেল বিদ্যালয়ৰ ছাত্ৰী ৰক্ষা গোপালে দখল কৰে শীৰ্ষ স্থান। দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰে চণ্ডীগড়ৰ ভূমি সাৱন্ত আৰু আদিত্য জৈনে। ভূমিয়ে ৯৯.৪ শতাংশ নম্বৰ লাভ কৰাৰ বিপৰীতে আদিত্যই লাভ কৰে ৯৯.২ শতাংশ নম্বৰ।

ইফালে পূৰ্বৰ তুলনাত এইবাৰ হ্ৰাস পাইছে উত্তীৰ্ণৰ হাৰ। বিগত বৰ্ষত উত্তীৰ্ণৰ হাৰ আছিল ৮৩.০৫শতাংশ। ইয়াৰ বিপৰীতে এইবাৰ এই হাৰ হৈছেগৈ মাত্ৰ ৮২ শতাংশ।