ডিজিটেল ডেস্কঃ বিভিন্ন সময়ত যাত্ৰীবাহী ৰেলত যাত্ৰীৰ ধন লুটি নিয়া, মহিলা-যুৱতীক যৌন নিৰ্যাতন চলোৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে৷ শেহতীয়াকৈ গোমাংস ৰে’লত নিয়া বুলি সন্দেহ কৰি এটি বিশেষ জনগোষ্ঠীৰ লোকক ৰেলৰ ভিতৰতে আক্ৰমণ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে৷ তাৰ মাজতে, যাত্ৰীসকলক সুৰক্ষিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব বিশেষ পদক্ষেপ৷

যাত্ৰীয়ে ৰেল যাত্ৰাত যাতে ভয়-আশংকা কৰিব লগা নহয় তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে চিন্তা কৰিছে চৰকাৰে। ৰে’লত যাত্ৰা কৰাৰ অৱস্থাত অসুৰক্ষিত অনুভৱ কৰাৰ প্ৰতি লক্ষ্য কৰি চিচিটিভি কেমেৰা স্থাপন কৰিব চৰকাৰে৷ চিচিটিভিত ২৪ ঘন্টাই একোখন ৰেলৰ সকলো ডবাই নিৰীক্ষণ কৰি থাকিব ৰে’ল কৰ্তৃপক্ষই।

শতাব্দী, ৰাজধানী আদি ৰে’লৰ ডবাত চিচিটিভি কেমেৰা লগোৱাৰ ব্যৱস্থা কৰাৰ ফলত যাত্ৰীসকলে আশংকা নোহোৱাকৈয়ে যাত্ৰা কৰিব বুলি আশা কৰা হৈছে৷ ৰে’ল কৰ্তৃপক্ষই ২৩ শতাব্দী, ২৬ ৰাজধানী আৰু ১৮ সংলগ্ন থকা ৰে’লতহে এই ব্যৱস্থা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে৷

উত্তৰ ৰে’লৰ মহাপ্ৰৱন্ধক বিশ্বেচ ছৌবেয়ে ৰে’লৰ প্ৰৱেশ দুৱাৰ আৰু দুটাকৈ ডবাৰ মাজত চিচিটিভি কেমেৰা লগোৱাৰ ব্যৱস্থা কৰা হ’ব বুলি কয়। তথ্য মতে ৩০০০ কোটি টকা খৰচ কৰি এই ব্যৱস্থা কৰিব চৰকাৰে৷ চলন্ত ৰেলত নাৰী নিৰ্যাতন, কিশোৰী অপহৰণ, চুৰি, ডকাইতিৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰাৰ সময়তে ৰে’ল ৰাজ্য মন্ত্ৰীয়ে ৰে’ল মন্ত্ৰাণালয়ে সুৰক্ষা সুনিশ্চিত কৰাৰ নিৰ্দেশ দিয়ে৷